Mla Minal Saikia Resignation Latter: খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই পদত্যাগ কৰিব । কিন্ত কিয় !

minal saikia 2

Mla Minal Saikia Resignation Latter:

পদত্যাগ কৰিব বিধায়ক মৃণাল শইকীয়াই । শেহতীয়াকৈ ৰাজ্যিক বিজেপিত ন- বিজেপি- পুৰণি বিজেপিক লৈ সংঘাত চলি থকাৰ মাজতে গোলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে ২০২৪ ৰ নিৰ্বাচনৰ সময়ত পদত্যাগৰ কথা ঘোষণা কৰিছে ।

ইতিমধ্যে এক পত্ৰৰ জৰিয়তে এই কথা সদৰি কৰে ৷ আনহাতে বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত এক চৰ্ত উল্লেখ কৰি কয়, আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত যদিহে কংগ্ৰেছে অসমৰ ১৪ খন লোকসভা আসনৰ ৯ খন লাভ কৰে ৷ তেন্ত লগে লগে বিধানসভাৰ পৰা পদত্যাগ কৰিব ৷

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে কংগ্ৰেছ সহ দেশৰ ২৬ টা বিৰোধী ৰাজনৈতিক দল মিলিত হৈ গঠন কৰে উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’

একেদৰে অসমতো এআই ইউ ডি এফক বাদ দি কংগ্ৰেছ সহ এঘাৰটা ৰাজনৈতিক দলে গঠন কৰে ঐক্যমঞ্চ ৷ এনে কুজকাৱাজ অব্যাহতৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমৰ মুঠ ১৪ খন আসনৰ ভিতৰত ৯ খনতে কংগ্ৰেছ জয়ী হ’ব বুলি ৰাজহুৱা ঘোষণা কৰাৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,ভূপেন বৰাই কোৱাৰ দৰে যদি কংগ্ৰেছে অসমত নখন আসন পাই তেন্তে শইকীয়া এখোজ আগলৈ গৈ কয়,ছখন আসন পালেই বিধায়ক পদ ত্যাগ কৰিব ৷

সংবাদ মাধ্যমলৈ সম্বোধন কৰি লিখা পত্ৰ খন সংবাদকৰ্মী সকলক সযত্নে ৰখাৰ অনুৰোধ কৰি বিধায়ক শইকীয়াই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনাই ৷

ফলাফলৰ দিনা কংগ্ৰেছে ৯খন আসন পোৱাৰ লগে লগে বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা উল্লেখ কৰে বিজেপি জ্যেষ্ঠ বিধায়ক গৰাকীয়ে ৷

Exit mobile version