Saturn PlantsTo The Bottom Of The Earth:আজি পৃথিৱীৰ নিচেই কাষলৈ আহিব শনি

সন্ধিয়াৰ আকাশত তিৰবিৰাই জ্বলি থাকিব

saturn planet

Saturn PlantsTo The Bottom Of The Earth:

দক্ষিণ মেৰুত ভাৰতৰ চন্দ্রযান-এ অৱতৰণক লৈ মহাকাশ সম্পর্কে দেশবাসীৰ মাজত উৎকণ্ঠা অব্যাহত থকাৰ সময়তে আজি দৃষ্টিনন্দন ৰূপত নীলাভ আকাশত জিলিকিব শনি গ্রহ

খালী চকুৰে আকাশত তিৰবিৰকৈ জ্বলি থকা শনি গ্রহক প্রত্যক্ষ কৰাৰ সুযোগ পাব দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমবাসীয়েও। প্রকৃততে সৌৰজগতৰ সবাতোকৈ মনোৰম গ্রহ শনিয়ে কাইলৈ ‘প্ৰতিযোগ’ অৱস্থানৰ বাবে পৃথিৱীৰ পৰা নিচেই ওচৰত থিতাপি ল’ব।

সেই সূত্ৰে সেউজ গ্ৰহটোৰ পৰা নান্দনিক ৰূপত দৃশ্যমান হ’ব শনি গ্রহ। উল্লেখ্য যে প্রায় ৩৭৮ দিনৰ মূৰে মূৰে শনি গ্ৰহৰ প্ৰতিযোগ পৰিঘটনা হয় । প্ৰতিযোগ পৰিঘটনা হ’ল সূৰ্য আৰু শনি গ্ৰহৰ মাজত পৃথিৱীৰ অৱস্থান ।

যিহেতু দুয়োটা গ্ৰহৰ মাজত পৃথিৱীতে অৱস্থান লয় আৰু সেয়েহে শনি আৰু পৃথিৱীৰ দূৰত্ব তেনেই হ্রাস পায়। সেই সূত্রে আজি ব্ৰহ্মাণ্ডত একেই শাৰীতে থাকিবলগীয়া সূর্য, পৃথিৱী আৰু শনি গ্ৰহৰ অৱস্থানৰ ফলত মাজতে থকা পৃথিৱীবাসীয়ে শনি গ্ৰহক নিচেই ওচৰতে প্ৰত্যক্ষ কৰিব পাৰিব । অসমবাসীয়েও আজি আকাশ ফৰকাল থাকিলে সন্ধিয়াতে দেখা পাব তিৰবিৰাই থকা শনি গ্রহক।

শনি গ্ৰহৰ প্ৰতিযোগৰ বাবে গুৱাহাটী তাৰকাগৃহই সৰ্বসাধাৰণ উৎসুক ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে গ্রহণ কৰিছে বিশেষ ব্যৱস্থা।

গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰ বাবুল চন্দ্ৰ বৰাই এক প্ৰেছ বিবৃতিযোগে জনোৱা মতে, আজিৰ পৰা দুসপ্তাহৰ বাবে প্ৰতিদিনে সন্ধিয়া সাত বজাৰ পৰা আঠ বজালৈ তাৰকাগৃহৰ চৌহদত দূৰবীক্ষণ যন্ত্ৰৰ সহায়ৰে পোনপটীয়াকৈ শনি গ্রহক নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্বসাধাৰণ ৰাইজে তাৰকাগৃহ ও চাদলৈ গৈ।

Exit mobile version