Nilachal Flyover Opened In Maligaon:অৱশেষত অপেক্ষাৰ অন্ত, মুকলি হ’ল ৰাজ্যৰ ভিতৰত দীৰ্ঘতম নীলাচল উৰণ সেতু

চাৰিলেনযুক্ত সেতুখন মুকলি কৰে ড:হিমন্ত বিশ্ব শৰ্মাই

fly over

Nilachal Flyover Opened In Maligaon:

বহু প্ৰতীক্ষিত নীলাচল উৰণীয়া সেঁতু অৱশেষত হ’ল মুকলি ৷ ৰাজ্যৰ ভিতৰত দীৰ্ঘতম নীলাচল উৰণ সেতু খন বুধবাৰে বিয়লি মুকলি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল,সাংসদ কুইন ওজা ,বিধায়কত্ৰয় অতুল বৰা,সিদ্ধাৰ্থ ভট্টাচাৰ্য,ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷

উল্লেখ্য যে, বিগত দুই বছৰ চাৰি মাহ ধৰি দান ধৰি ২.৬ কিলোমিটাৰ দৈঘ্যৰ মালিগাঁৱৰ উৰণ সেতুখনৰ কাম অব্যাহত আছিল। ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত লোকনির্মাণ বিভাগে ৪২০.৭৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা সেতুখন ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে।

একেদৰে সেতুখনত থকা তিনিআলি মুল চ’কত আছে পৃথিৱীৰ গ্লৱ৷ তদুপৰি উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট বহুৱা হৈছে দুটাকৈ গতিৰোধক ৷

আনহাতে সেতুখনৰ তলৰ খুঁটাসমূহত চিত্ৰ শিল্পী সকলে আটকধুনীয়াকৈ অংকন কৰিছে ৰাজ্যখনৰ জনগোষ্ঠীয় সাজ-পোছাক, বাদ্যযন্ত্ৰৰ লগতে অৰণ্যৰ দৃশ্যৰাজি । একেদৰে সেতুখনৰ চৌদিশে অসমৰ সমাজ জীৱনৰ কিছু দৃশ্যৰ ছবি ভিন্ন ৰূপ দি অংকন কৰা হৈছে । ইয়ে নতুন মাত্ৰা প্ৰদান কৰিছে সেতু খনক ৷

উল্লেখ্য যে,সেতু খন নিৰ্মাণকালৰ দুটা বছৰ ধৰি জীয়াতু ভূগিছিল জনসাধাৰণে ৷ তীব্ৰ যান-জঁটৰ বাবে জ্বলাকলা খাইছিল ৰাইজে ৷ আনকি পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছিলগৈ যে মালিগাঁও পথ পাৰ হ’বলৈ সময় লয় দুই- তিনিঘণ্টা ৷

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত আজি মুখ্যমন্ত্ৰীয়ে নীলাচল উৰণ সেতু মুকলি হোৱাৰ লগে লগে যেন অৱসান ঘটিল যানযঁটৰ

মনকৰিবলগীয়া যে,মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেঁতুখনৰ উদ্ধোধনৰ আগনিশা

( মঙলবাৰে) লোকনিৰ্মাণ বিভাগে নৱনিৰ্মিত সেঁতুৰ নাম নীলাচল উৰণ সেঁতু’ৰ ফলক লগাই দিয়ে সেতু প্ৰৱেশ গেইটত ৷

Exit mobile version