Panbazar Women police Station Fire:পান বজাৰ মহিলা আৰক্ষী নিবেশত অগ্নিকাণ্ড

শ্বৰ্ট চাকিটৰ ফলত সংঘটিত অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে

panbazar

Panbazar Women police Station Fire:

এক ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল গুৱাহাটীৰ একমাত্ৰ মহিলা আৰক্ষী নিবেশ ৷

বুধবাৰে দুপৰীয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পানবজাৰ সমূহ মহিলা আৰক্ষী থানাত হঠাতে সংঘটিত হয় অগ্নিকাণ্ড ৷

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে হুৱাদুৱা লাগে থানা চৌহদত ৷ অৱশ্যে ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

শ্বৰ্ট চাকিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড ৷ উল্লেখ্য যে,থানা খনত বহু কেইগৰাকী হাই প্ৰফাইল অপৰাধীক ৰখা হৈছে ৷ বিশেষকৈ বহু চৰ্চিত ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ পাছত চাকৰিৰ অবৈধ বজাৰৰ স’তে নাম সাঙোৰ খোৱা কে’বাগৰাকী মহিলা ৷

Exit mobile version