Bhupen Bora:পীয়ুষ হাজৰিকাৰ ৰোল মডেল দুঃশাসনঃ ভূপেন বৰা

কাপোৰ খোলাতো দূৰৰে কথা, অসমৰ যিকোনো এজন মানুহক গাত হাত দি চাওক পীয়ুষ হাজৰিকাই

bhupen bora 1

Bhupen Bora:

আমি কাৰ্যালয় নিৰ্মাণ কৰিব নোৱাৰিলো ঠিকেই, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহি যিখন ষ্টেডিয়ামত বিহু নৃত্য উপভোগ কৰিলে সেই সৰুসজাই কংগ্ৰেছে নিৰ্মাণ কৰিছিল। অসমৰ দলং, ৰাস্তা-ঘাট আৰু সকলো বুনিয়াদী আন্তঃগাথনি কংগ্ৰেছ চৰকাৰৰ দিনতেই হোৱা।

আজি উজনিৰ বাগানে বাগানে কাৰ্যসূচীত সাংবাদিকৰে হোৱা মুখামুখিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এইদৰে কয়। বৰাই কয় যে বৰ্তমান কেইটামান পৰিয়ালৰ সম্পত্তি চকুৰ সমুখত বৃদ্ধি পাইছে। বাগানৰ শ্ৰমিকৰ চকুপানী নিগৰিছে, কিন্তু তেওঁলোকে দিনে দিনে বাগান কিনিছে।

চৰকাৰী বিদ্যালয়ক দুৰৱস্থালৈ ঠেলি নিজেই ব্যক্তিগত বিদ্যালয় খুলিছে। এইবোৰ কথা অসমৰ ৰাইজে দেখি আছে আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলেই ইয়াৰ তদন্ত কৰা হ’ব। প্ৰসংগক্ৰমে বৰাই কয় যে এজন মন্ত্ৰীৰ মুখত বিৰোধী দলৰ নেতাৰ বস্ত্ৰহৰণৰ যি বাক্য ওলাইছে সেয়া অত্যন্ত লজ্জাজনক আৰু তেখেতে জনা ভাল আধুনিক দুঃশাসনক অসমৰ মানুহে সময়ত প্ৰত্যুত্তৰ দিব।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া বিজেপিৰ অনুগ্ৰহত দলপতি হোৱা নাই। অসমৰ ৰাইজে ভোট দি কংগ্ৰেছক দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে নিৰ্বাচিত কৰিছে। আধুনিক দুঃশাসনে দেৱব্ৰত শইকীয়া বাদেই, অসমৰ যিকোনো এজন ব্যক্তিক আক্ৰমণ কৰক তাৰ প্ৰত্যাক্ৰমণ ৰাইজে দিব। আমি সকীয়াই দিলো, এনেধৰণৰ অসংসদীয় বাক্য প্ৰয়োগ কৰাৰ পৰা পীয়ুষ হাজৰিকা আঁতৰি থাকক।

Exit mobile version