Indrani Tahbilkar Incident:ইন্দ্ৰাণী-কাণ্ডৰ পৰা বিশ্বাসহীনতাত ভুগিছে বিজেপিৰ নেতা-পালিনেতা

কেতিয়া কি হৈ যায় ! আক্ষেপ, ফোন টেপিঙৰ আশংকাত বন্ধ কৰি দিছে কথা-বতৰা

bjp 1

Indrani Tahbilkar Incident:

বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক আত্মহত্যা আৰু তাৰ পূৰ্বে বহিষ্কৃত বিজেপি নেতা লাচিত গগৈৰ ঘটনাত কে’বাটাও কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে যেন একপ্ৰকাৰ বিশ্বাস হ্ৰাস পাইছে বিজেপিৰ নেতা-পালিনেতাৰ মাজত।

যিমানেই ঘনিষ্ঠ নহওক কিয়; ফোনত কোনোৱে বিভিন্ন অভিযোগ বা আপত্তিজনক কথা-বাৰ্তা আৰম্ভ কৰিলেই এতিয়া বুকু দুৰ-দুৰু কঁপি উঠে বিজেপি নেতাৰ। উল্লেখ্য যে শাসকীয় দল হিচাপে বিজেপিৰ সৰু-বৰ পৰা নেতালৈ বিভিন্ন – কাম-কাজ বিচাৰি বহু লোক ফোন কল আছে ।

সকলোকে বিশ্বাগত কিন্তু শেহতীয়াকৈ বিজেপি নেতা- পালিনেতাসকলৰ মাজৰ বহুকেইটা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে বিজেপিৰ নেতাসকলৰ মাজতে বিশ্বাস হ্রাস পাইছে। দলটোৰ কেবাজনো নেতাই ইয়াৰ সত্যতা স্বীকাৰ কৰি কথা, ‘ফোনত আজি কালি সকলো কথা পাতিব নোৱাৰি। কাকে বিশ্বাস কৰিব নোৱাৰি।

কেতিয়া কত ভাইৰেল হৈ যায় ঠিক নাই। অতি জৰুৰী হ’লে এতিয়া হোৱাটছএপ কলেই অন্যতম ভৰসাৰ হল দলটোৰ সূত্ৰই সদৰী কৰা অনুসৰি, শাসকীয় দল হিচাপে বহু লোকে বিভিন্ন কাম বিচাৰি বিভিন্ন কয়। ফোনতে যোগাযোগ ক শাসকীয় দল হিচাপে কাম কাজ বিচাৰি অহাটো স্বাভাবিক কথা।

তদুপৰি দলৰ বিভিন্ন অভাৱ অভিযোগ আগতে ফোনতে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছিল; কিন্তু শেহতীয়া কেবাটাও ঘটনাৰ পাছত ফোনত এনে আলোচনাৰ পৰিমাণ বহু পৰিমাণে হ্রাস পাইছে। কিবা অভিযোগ থাকিলে লিখিতভাবে দিয়াৰ ব্যৱস্থা আছে আৰু ফোনতকৈ লিখিতভাবে দিবলৈ আহ্বান জনোৱা হৈছে।

অৱশ্যে ঘনিষ্ঠ হ’লে এতিয়া হোৱাটছএপেই একমাত্র ভৰসাস্থলী বুলি সুত্ৰটোৱে সদৰী কৰি কাম-কাজ সম্বন্ধীয় বিষয় সংশ্লিষ্টজনক লগ কৰিহে এতিয়া পাতিবলগীয়া হয় বুলি কয়।

উল্লেখ্য যে শেহতীয়াকৈ ভাইৰেল হোৱা বিজেপি নেতাৰ মাজৰ কল ৰেকৰ্ডিংসমূহত বিত্তীয় লেনদেনৰ তথ্য পোহৰলৈ আহিছিল। এনে ৰেকৰ্ডিংসমূহে শাসকীয় দলটোক কিছু পৰিমাণে হ’লেও বিতৰ্কৰ মাজলৈ লৈ গৈছিল।

এনেধৰণৰ বিষয়বোৰে যাতে অনাগত দিনত দলটোক শ’লঠেকত নেপেলাই এই দিশত শীর্ষ দিশত দলটোৰ নেতা-কৰ্মীসকলক সকীয়াই দিয়া হৈছে। দলটোৰ সম্মান লাঘব হোৱা কাৰ্যৰ পৰা কর্মকৰ্তাসকলক বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। তেনে পৰিপ্ৰেক্ষিতত ফোন কলতকৈ, হোৱাটছএপ কলেই এতিয়া অতি বিশ্বাসী হৈ পৰিছে বিজেপিৰ ভিতৰচ’ৰাত

Exit mobile version