Really Safe Country: বিশ্বৰ এনে এখন দেশ, য’ত কোনো সামগ্ৰী হেৰালেও ওভতাই পোৱা যায়

JAPAN 3

Really Safe Country:

আমাৰ দেশত কিবা সামগ্ৰী হেৰালে সেয়া ওভতাই লাভ কৰা বহু সময়ত অসম্ভৱ হয়। ভাগ্যৰ বলতহে ভাৰতত হেৰুওৱা সামগ্ৰীৰ পুনৰ সন্ধান লাভ কৰিব পাৰি। কিন্তু বিশ্বত এনে দেশো আছে, য’ত কোনো সামগ্ৰী চুৰি হ’লে বা হেৰালে অতি কম সময়ৰ ভিতৰতে তাৰ সন্ধান লাভ কৰিব পাৰি।

জাপান হৈছে এনে এখন দেশ, যি দেশত যিকোনো সামগ্রী হেৰালে নাগৰিকে সেই সামগ্ৰী ঘূৰাই লাভ কৰিব পাৰে। কোৱা হয়, জাপানত কোনো সামগ্ৰী নেহেৰায়, চুৰি নহয় ।

কোনো সামগ্ৰী ক’ৰবাত কেনেবাকৈ হেৰালেও অতি কম সময়ৰ ভিতৰতে সেয়া জাপানত ঘূৰাই পাব পাৰি। দৰাচলতে জাপানত আৰক্ষী বিভাগটো ইমানে সষ্টম যে কোনো সামগ্ৰী হেৰালেও আৰক্ষীয়ে সেয়া বিচাৰি উলিয়ায়।

সন্ধান লাভ কৰা সামগ্ৰীৰ মালিকক তিনি মাহৰ ভিতৰত বিচাৰি নাপালে উক্ত সামগ্রী। প্রাপ্ত ব্যক্তি বা পৌৰসভাক জমা দিব লাগে।

জাপানত যদি কোনো ব্যক্তিয়ে ৰেল, বাছ আদিত যাত্ৰা কৰাৰ সময়ত কেনেবাকৈ কিবা সামগ্ৰী পাহৰি এৰি থৈ আহে, তেন্তে সেই সামগ্রী অতি সহজতে ঘূৰাই লাভ কৰিব পাৰে ৷

আনকি মানী বেগ বা পাচও যদি হেৰায়, তেন্তে সেৱা ঘূৰাই পোৱা সম্ভৱ জাপানত। তথ্য অনুসৰি, জাপানত বছৰি গড়ে প্রায়

১২.৬ কোটি মানুহে কিবা নহয় কিবা সামগ্ৰী হেৰুৱায়। কিন্তু এইসকল লোকৰ সৰহ সংখ্যকে কম সময়ৰ ভিতৰতে নিজৰ হেৰুওৱা সামগ্ৰী ওভতাই পাব পাৰে। এয়া সম্ভৱ জাপানৰ আইন ব্যৱস্থাটোৰ কাৰণতে ৷

আচলতে জাপানত স্থানীয় কোবান কেন্দ্ৰৰ জৰিয়তে আৰক্ষীয়ে হেৰুওৱা সা-সামগ্ৰীৰ সন্ধানৰ ব্যৱস্থা কৰিছে। জাপানত ৬,৩০০ টা কোবান কেন্দ্ৰ আছে আৰু এই কেন্দ্ৰৰ জৰিয়তে চুৰি বা হেৰাই যোৱা সামগ্ৰীৰ সন্ধান কৰা হয়।

কোৱান কেন্দ্ৰসমূহ ক্ষুদ্র আৰক্ষী থানাৰ দৰে। আৰক্ষী বিভাগৰ স’তে কোবান কেন্দ্ৰৰ যোগাযোগ থাকে। কোবান কেন্দ্রই কোনো সামগ্ৰী হেৰুওৱা বুলি অভিযোগ লাভ কৰাৰ লগে লগে তদন্ত চলাই সেই সামগ্ৰীৰ সন্ধান উলিয়ায়।

ইয়াৰ পাছত ল’ষ্ট এণ্ড ফাউণ্ড চেণ্টাৰে সেই সামগ্ৰী সংগ্ৰহ কৰি ৰাখে । ল’ষ্ট এণ্ড ফাউণ্ড চেণ্টাৰৰ ৱেবছাইট এটাও আছে আৰু ইয়াৰ জৰিয়তে হেৰাই যোৱা বা চুৰি হোৱা সামগ্ৰীৰ তথ্য পাতি বা সন্ধান লাভ কৰিব পাৰি।

এই ৱেবছাইটৰ জৰিয়তে মানুহে যিকোনো সামগ্ৰীৰ সন্ধান উলিয়াব পাৰে আৰু চুৰি হ’লেও সেই সামগ্ৰী ঘূৰাই পাব পাৰে। সেই কাৰণতে কোৱা হয়, জাপানত চুৰি কৰা সম্ভৱ নহয়। আৰক্ষী ব্যৱস্থাই জাপানক চোৰ মুক্ত কৰি ৰাখিছে।

Exit mobile version