Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

And Waiting For a Surprise to be Created:আৰু এক চমক সৃষ্টিৰ অপেক্ষাত !

#প্রাঞ্জলসেন ডেকা

publisher by publisher
September 4, 2023
in India, Assam, News
Reading Time: 5 mins read
0
And Waiting For a Surprise to be Created:আৰু এক চমক সৃষ্টিৰ অপেক্ষাত !
2
SHARES
16
VIEWS
ShareShareShareShare

And Waiting For a Surprise to be Created:আৰু এক চমক সৃষ্টিৰ অপেক্ষাত !

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

কেন্দ্ৰত দুটা কার্যকাল সম্পূর্ণ কৰিবলৈ ওলোৱা নৰেন্দ্ৰ মোদী চৰকাৰক তৃতীয়টো কার্যকাল লাভৰ বাবে এক চমৎকাৰৰ প্রয়োজন। ২০১৪ৰে পৰা এটাৰ পাছত আনটো চমক দি মোদীৰ নেতৃত্বত বিজেপিয়ে ক্ষমতা সুনিশ্চিত কৰি আহিছে।
এই ক্ষেত্ৰত মোদীৰ ব্যক্তিগত ছবিয়েও যে এক বিশেষ অৰিহণা যোগাইছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে; কিন্তু ভাৰতৰ দৰে সমস্যাবহুল সর্ববৃহৎ জনসংখ্যাৰ দেশত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতা হস্তগত কৰিব বিচৰাটোও কম প্রত্যাহ্বানপূর্ণ নহয়, তাতে যদি ১০ বছৰীয়া ৰিপ’ৰ্ট কার্ড উৎসাহজনক নহয়।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

এই কথাৰ উমান পায়েই আৰু এটি বৃহৎ চমক সৃষ্টিৰ বাবে উঠিপৰি লাগিছে মোদী আৰু তেওঁৰ সহযোগীসকল। এই দুটা কাৰ্যকালৰ চমকবোৰৰ অন্তঃসাৰশূন্যতা ইতিমধ্যে দেশবাসীৰ সমুখত স্পষ্টভাৱেই ধৰা পৰিছে। প্ৰবীণ বিজেপি নেতা, জম্মু-কাশ্মীৰকে ধৰি কে’বাখনো ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে এই প্ৰসংগত দাঙি ধৰা এক চাঞ্চল্যকৰ ভাষাৰ বিষয়ে উনুকিয়াব পাৰি। তেওঁ কৈছে যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে মোদীয়ে দেশত অভাৱনীয় অঘটন ঘটাবলৈকো পিছ নোহোঁহকিব।

২০১৯ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কাশ্মীৰৰ পুলৱামাত ৪০ জনকৈ জোৱানৰ প্ৰাণ কাঢ়ি নিয়া বোমা বিস্ফোৰণৰ ঘটনাটোকো প্রধানমন্ত্রী মোদীয়ে সেই নিৰ্বাচনত ভোট আদায়ৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল বুলি ৰাজ্যখনৰ তদানীন্তন ৰাজ্যপাল মালিকে সদৰী কৰিছে। উক্ত বিস্ফোৰণৰ ঘটনাটো কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাৰ ফলস্বৰূপেই সংঘটিত হোৱা বুলি উল্লেখ কৰি তেওঁ আনকি ইয়াত গভীৰ ৰহস্য থকাৰো ইংগিত দিছে।

একেগৰাকী প্ৰাক্তন ৰাজ্যপালেই আসন্ন নির্বাচনৰ প্ৰাকক্ষণতো কোনো ভয়াবহ ঘটনাৰ পুনৰাবৃত্তিৰ আগজাননী দিয়া। হেতুকে বিষয়টো আওকাণ কৰিব নোৱাৰি। আন এগৰাকী বহুচর্চিত বিজেপি নেতা তথা প্রাক্তন সাংসদ ড° সুব্রমণিয়াম স্বামীয়েও তেনে ধৰণৰ ইংগিতকে দিছে।

স্বয়ং শাসক দলৰে এইসকল প্রভাবশালী নেতাই প্রধানমন্ত্ৰী মোদী আৰু তেওঁৰ চৰকাৰে দেশৰ স্বাৰ্থজড়িত গুৰুত্বত্বপূর্ণ বিষয়সমূহত ব্যর্থ হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ক্ষমতা দখলৰ বাবে নতুন চমক দিবলৈ উধাতু খাইছে বুলি মন্তব্য কৰাটো লক্ষ্যণীয়।

এনে পৰিকল্পনাৰ অংশস্বৰূপেই যোৱা বৃহস্পতিবাৰে মুম্বাইত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ তৃতীয়খন দুদিনীয়া বৈঠক আৰম্ভ হোৱাৰ দিনাই মোদী চৰকাৰে আকস্মিকভাৱে অহা ১৮ৰ পৰা ২২ ছেপ্টেম্বৰলৈ পাঁচদিনীয়া সংসদৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

পৰম্পৰা অনুসৰি সংসদৰ কাৰ্য পৰিচালনা সমিতি অথবা বিৰোধী নেতৃত্বক অৱগত নকৰাকৈয়ে হঠাতে ঘোষণা কৰা বিশেষ অধিৱেশনৰ কাৰ্যসূচী প্ৰকাশৰ পৰা কিন্তু বিৰত থকা হ’ল। তাক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে এক দেশ এক নির্বাচন’ৰ সম্ভাৱনীয়তাৰ বিষয়ে পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ অধ্যক্ষতাত চৰকাৰে এখন কমিটী গঠন কৰি দিয়ে।

লোকসভা নিৰ্বাচনৰ স’তে একেলগে ৰাজ্যসমূহৰ বিধানসভাৰো নিৰ্বাচন অনুষ্ঠিত কৰাৰ নামত এনেদৰে হঠাতে চৰকাৰ তৎপৰ হৈ উঠাৰ আঁৰত বিজেপিৰ ৰণকৌশলো লক্ষ্যণীয়। যেতিয়াই বিৰোধী চৰ্চাৰ মাজলৈ আহে তেতিয়াই বিজেপি অস্বস্তিত ভুগিবলৈ লয় আৰু নিজেই চৰ্চাৰ কেন্দ্ৰবিন্দু হ’বলৈ তৎপৰ হৈ উঠে।

তাৰেই অংশৰূপে মুম্বাইত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হোৱাৰ দিনাই ‘এক দেশ এক নিৰ্বাচন’ৰ প্ৰসংগ দাঙি ধৰিলে। ইয়াৰ দ্বাৰা এক নতুন চৰ্চা মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে বিৰোধীৰ বৈঠকৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰ কৰাৰ কৌশল ৰূপায়ণ কৰা হ’ল।

‘এক দেশ এক নির্বাচন’ নীতি ৰূপায়ণৰ বাবে সংবিধান সংশোধনৰ লগতে দেশৰ কমেও অর্ধেক সংখ্যক ৰাজ্যৰ বিধানসভাত ইয়াক গৃহীত কৰোৱাৰ প্ৰয়োজন হ’ব। লগতে বহুকেইখন ৰাজ্যৰ বিধানসভা কার্যকাল সম্পূৰ্ণ হোৱাৰ পূর্বেই ভংগ কৰি দিব লাগিব। পূর্বতেও এনে প্রস্তাব উত্থাপন হৈছে যদিও সেইবোৰ কাৰ্যকৰী কৰাটো সম্ভৱ হৈ উঠা নাই। স্বাধীনতা লাভৰ পাছত প্ৰথমটো নির্বাচন একে সময়তে অনুষ্ঠিত হৈছিল। তাৰ পৰৱৰ্তী ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ তো লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল।

পৰৱৰ্তী সময়ত ওলোমা বিধানসভা, ৰাষ্ট্ৰপতি শাসন প্রবর্তনকে ধৰি বিভিন্ন কাৰণত সেই ধাৰাবাহিকতাত যতি পৰে। ১৯৮৩ত নির্বাচন আয়োগে ইয়াৰ প্ৰস্তাৱ দিছিল যদিও তদানীন্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তাক নাকচ কৰে ।

১৯৯৯৩ বিধি আয়োগে সমগ্ৰ দেশত একেলগে নির্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল। ২০১৪ত বিজেপিয়ে নির্বাচনী ইস্তাহাৰত এক নিৰ্বাচনৰ বাবে গ্রহণযোগ্য পথ নিৰ্মাণৰ বিষয়ে উল্লেখ কৰিছিল। ২০১৮ত বিধি আয়োগে প্ৰকাশ কৰে যে এক দেশ এক নিৰ্বাচনৰ বাবে সংবিধানৰ পাঁচটাকৈ সংশোধনৰ প্ৰয়োজন হ’ব ।

লক্ষ্যণীয় এয়ে যে যোৱা ১১ আগষ্টত সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সামৰণি পৰিছিলহে, তাৰ পাছতে হঠাৎ এইদৰে কাৰ্যসূচী ঘোষণা নকৰাকৈয়ে বিশেষ অধিবেশন আহ্বান কৰা হ’ল। চলিত বছৰৰে শেষভাগত পাঁচখন ৰাজ্যৰ বিধানসভা আৰু অহা বছৰৰ আগভাগত লোকসভা নির্বাচন অনুষ্ঠিত হোৱাৰ কথা ।

এনে সময়তে ‘এক দেশ এক নির্বাচন’ৰ প্ৰসংগ উত্থাপনৰ আঁৰত জ্বলস্ত বিষয়সমূহৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰ কৰাটোৱে উদ্দেশ্য বুলি সেয়েহে চৰ্চিত হৈছে। এই কথা দোহৰাৰ প্ৰয়োজন নাই যে এই চৰকাৰে সাংবিধানিক প্রক্রিয়াসমূহক নিজৰ সুবিধা অনুযায়ী ব্যৱহাৰ কৰি আহিছে আৰু তাৰ বাবে কোনো জবাবদিহি হোৱাৰ পৰাও বিৰত আছে।

এনেবোৰ পদক্ষেপে অৱশ্যে নির্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিত সৃষ্টি হোৱা অস্থিৰতাৰেই উমান দিয়ে। কিয়নো এহাতে যথেষ্ট প্ৰত্যাহ্বান তথা স্ববিৰোধিতাৰ মাজতো বিৰোধী মিত্রজোঁটে একতা প্ৰদৰ্শনত এই পর্যন্ত সফল হৈছে আৰু আনহাতে কে’বাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিজেপিয়ে দাবী কৰি অহা তথাকথিত সাফল্যৰ প্ৰকৃত স্বৰূপ দিন যোৱাৰ লগে লগে হতাশজনক প্রতিপন্ন হ’বলৈ ধৰিছে। প্ৰধানমন্ত্রী মোদীৰ ব্যক্তিগত ভাবমূর্তিয়েও এইবাৰ দলক উদ্ধাৰ কৰিব পাৰিব বুলি বিজেপি আশ্বস্ত হ’ব পৰা নাই। সেই বাবে নতুন চমক বিচাৰি উদ্বাউল হৈ পৰিছে।

মোদীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভূমুকি মৰাৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে। বিজেপিবিৰোধী প্ৰতিটো দলকে চৰম ভ্ৰষ্টাচাৰীৰূপে আখ্যা দি দুৰ্নীতিৰ বাবেই দেশ আগবাঢ়িব পৰা নাই বুলি কৈ আহিছে। লগতে দুর্নীতিগ্রস্ত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দি আহিছে; অথচ দিন যোৱাৰ লগে লগে মোদীৰ এনে স্থিতিৰ অন্তঃসাৰশূন্যতা তেওঁ নিজেই প্ৰমাণ কৰি দিছে।

২০১৪ত নির্বাচন জয়ৰ পাছতে ‘না খাউংগা, না খানে দুংগা’ শ্ল’গান দিয়া মোদীৰ কাৰ্যকালত দুর্নীতি প্ৰতিৰোধৰ নামত কি চলিছে সেয়া দেশবাসীৰ সন্মুখত স্পষ্ট হৈ আছে। প্রধানমন্ত্ৰী মোদীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মুষ্টিমেয় পুঁজিপতিৰ সহায়ক হোৱাকৈ চৰকাৰী আঁচনিসমূহ গ্ৰহণ কৰা হৈ আহিছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰি আহিছে।

প্ৰধানমন্ত্রী মোদীৰ আটাইতকৈ ঘনিষ্ঠ ব্যৱসায়ীৰূপে পৰিচিত গৌতম আদানীৰ প্ৰসংগই ইয়াক অধিক স্পষ্ট কৰি তুলিছে। বিগত ন বছৰত চৰকাৰৰ এনে বৈধ-অবৈধ পৃষ্ঠপোষকতা লাভ কৰিয়ে আদানী বিশ্বৰ তৃতীয় সর্বাধিক ধনী ব্যক্তিত পৰিণত হ’বলৈ সক্ষম হয়।

যোৱা জানুৱাৰীত আমেৰিকাৰ গৱেষণা সংস্থা হিন্ডেনবার্গ ৰিচাৰ্ছে এক প্ৰতিবেদনত আদানী গোষ্ঠীয়ে বিগত কালছোৱাত সংঘটিত কৰি অহা অভূতপূর্ব দুর্নীতি-অনিয়ম-প্ৰৱঞ্চনাৰ বিস্তৃত তথ্য ফাদিল কৰিছিল ।

শেহতীয়াভাৱে পুনৰ বিশ্বৰে আগশাৰীৰ দুখন কাকতত আদানী গোষ্ঠীৰ অধিক দুৰ্নীতিৰ তথ্য প্ৰকাশ পাইছে। চৰকাৰৰ সহযোগিতাতে যে আদানীয়ে এনে কেলেংকাৰি সংঘটিত কৰিবলৈ সাহস পাইছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। আনকি বিদেশ ভ্ৰমণৰ সময়তো প্রধানমন্ত্রী মোদীয়ে আদানীৰ বাণিজ্য বিস্তাৰৰ স্বাৰ্থপূৰ্ণ কৰি আহিছে বুলিও চৰ্চিত হৈ আহিছে ।

শেহতীয়া গ্ৰীচ ভ্ৰমণৰ সময়তো দেশখনৰ দুটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ বন্দৰ অধিগ্ৰহণত মোদীয়ে যথেষ্ট আগ্রহ প্রদর্শন কৰে। গ্ৰীচৰ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি, উল্লিখিত বন্দৰ দুটা আদানী গোষ্ঠীয়ে অধিগ্ৰহণৰ যো-জা চলাইছে আৰু তাতেই স্বয়ং প্রধানমন্ত্রীয়ে সহযোগিতা আগবঢ়াইছে।

এনেদৰে চৰম দুর্নীতিগ্ৰস্ত তথা প্ৰৱঞ্চক গোষ্ঠী এটাক দীর্ঘদিন ধৰি বৈধ-অবৈধ উপায়েৰে ব্যৱসায়-বাণিজ্য বিস্তাৰত সহযোগ আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে তেওঁৰ দুৰ্নীতি বিৰোধী স্থিতিকে সন্দেহৰ মাজলৈ ঠেলি দিছে।

সেই বাবেই বিৰোধীয়ে আদানী গোষ্ঠীত বিনিয়োগ হোৱা ধন প্ৰধানমন্ত্ৰী মোদীৰ বুলি স্পষ্টভাৱে অভিযোগ উত্থাপন কৰিছে। আদানীৰ এনেবোৰ দুৰ্নীতি-প্ৰৱঞ্চনাৰ কোনো তদন্তৰ ব্যৱস্থা নকৰি মোদী চৰকাৰে বিৰোধীৰ অভিযোগসমূহকে ন্যায্যতা প্ৰদান কৰিছে।

অকল সেয়ে নহয়, বিৰোধীক দুৰ্নীতিগ্ৰস্ত বুলি মোদীয়ে অহৰহ প্ৰচাৰ কৰি আহিলেও স্বয়ং বিজেপিতে দুর্নীতি-ভ্ৰষ্টাচাৰ গোঁজ পুতি বহি লৈছে। ভাৰতৰ মহানিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষক (বেগ)ৰ শেহতীয়া প্ৰতিবেদনত কেৱল ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণতে লক্ষ লক্ষ কোটি টকাৰ নজিৰবিহীন দুর্নীতি সংঘটিত হোৱা বুলি বিস্তৃত তথ্য প্ৰকাশ কৰা হৈছে। তেনেদৰেই মোদী চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰতৰ নামত কি বৃহৎ দুর্নীতি সংঘটিত হৈ আহিছে সেয়া কেগৰ প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ।

অন্যান্য কে’বাটা বিভাগতো দুর্নীতি-ভ্ৰষ্টাচাৰৰ তথ্য কেগে প্রকাশ কৰিছে। যদিও কোনো এটাৰ ক্ষেত্ৰতে চৰকাৰে তদন্তৰ ব্যৱস্থা নকৰাটো দুর্ভাগ্যজনক। তদুপৰি সততে সংস্কাৰী দলৰূপে দাবী কৰা বিজেপিত দুৰ্নীতিৰ সমানেই ব্যভিচাৰে কি ৰূপ ধাৰণ কৰিছে সেয়া অসমতে ওলাই পৰিছে। দলৰ বিভিন্ন পৰ্যায়ৰ নেতা- নেত্ৰীৰ ব্যভিচাৰী কাৰ্যকলাপ তথা চৰকাৰী চাকৰি-ঠিকা-ঠুকলিৰ উপৰি অবৈধ ছিণ্ডিকেট আদিৰ মূল কেন্দ্ৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়।

বিজেপি দল আৰু চৰকাৰত কিদৰে ওপৰৰ পৰা তললৈ দুৰ্নীতি-ব্যভিচাৰত লিপ্ত হৈছে, সেয়া ৰাজ্যবাসীৰ অৱগত নোহোৱাকৈ থকা নাই। এইবোৰৰ বিৰুদ্ধে মুখ খুলিলে ব্যক্তিগত ক্ষতির সম্মুখীন হ’বলগীয়া হোৱাৰ আশংকাতে অধিকাংশ লোকেই নীৰৱে থাকিবলৈ বাধ্য হৈছে।

বিজেপিশাসিত আনবোৰ ৰাজ্যও ইয়াৰ ব্যতিক্ৰম তেনেদৰেই চাৰে নবছৰীয়া শাসনকালত দেশে অভূতপূর্ব বিকাশ লাভ কৰিবলৈ সক্ষম হোৱা বুলি মোদী চৰকাৰে প্ৰতিটো মুহূৰ্ততে দাবী কৰি আহিছে। এনেবোৰ দাবীৰ প্ৰকৃত স্থিতি বিভিন্ন সময়ত দেশী-বিদেশী চৰকাৰী তথা বেচৰকাৰী সংস্থাৰ সমীক্ষাত প্ৰকাশ পাই আহিছে।

যোৱা মাহত প্ৰকাশিত ৰাষ্ট্ৰসংঘৰ বিশ্বৰ খাদ্য সুৰক্ষা আৰু পুষ্টিৰ স্থিতি সম্পৰ্কীয় প্রতিবেদন, ২০২৩৩ কোৱা হৈছে যে ভাৰতৰ ৭৪ শতাংশ লোকেই স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈ আৰ্থিকভাৱে সক্ষম নহয়। খাদ্য সামগ্ৰীৰ মূল্যৰ বিপৰীতে উপার্জন তেনেই কম হোৱা হেতুকে মুঠ জনসংখ্যাৰ তিনি চতুর্থাংশ নাগৰিকে উপযুক্ত খাদ্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।

লক্ষ্যণীয় যে বিশ্বৰ আন বহু দেশৰ তুলনাত ভাৰতত খাদ্য সামগ্ৰীৰ মূল্য কম হোৱা সত্ত্বেও দেশবাসীয়ে তাক ক্ৰয় কৰাৰ সামৰ্থ্য অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। দেশত এই সময়ছোৱাত নাগৰিকৰ উপাৰ্জন হ্রাস পাইছে অথবা একে আছে। উদাহৰণ স্বৰূপে মুম্বাইত যোৱা পাঁচ বছৰত খাদ্য সামগ্ৰীৰ মূল্য ৬৫ শতাংশ বৃদ্ধিৰ বিপৰীতে দৰমহা অথবা মজুৰি বৃদ্ধি পাইছে ৩০ শতাংশহে। এনেবোৰ দেশৰ তালিকাত ভাৰতে একেবাৰে শেষৰ ফালেহে স্থান লাভ কৰিছে। কেৱল পাকিস্তান, ইথিওপিয়াইহে ভাৰতৰ তলত অৱস্থান কৰিছে।

গতিকে দেশত বিকাশৰ স্বৰূপ দাঙি ধৰিবলৈ ৰাষ্ট্ৰসংঘৰ এই তথ্যই যথেষ্ট নহয় নে? দেশৰ ইমান বৃহৎসংখ্যক নাগৰিকে প্রয়োজনীয় খাদ্যখিনিও সংগ্ৰহত ব্যর্থ হোৱা দেশত বিকাশৰ আন পৰিসংখ্যাৰ প্ৰয়োজনেই বা ক’ত !

স্বাধীনতাৰ পাছৰ চাৰে তিনি দশকৰ অধিক কাল আন্তর্জাতিক প্রেক্ষাপটত লাভ নকৰা স্থান আৰু সন্মান প্রধানমন্ত্রী মোদীৰ শাসনত ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে বুলি ব্যাপকভাৱে প্ৰচাৰ চলাই অহা হৈছে। কূটনৈতিক ক্ষেত্ৰত জয়যাত্রা অব্যাহত ৰাখি ভাৰত বিশ্বগুৰু হ’বলৈ আগবাঢ়িছে বুলিও সততে দাবী কৰা হৈছে।

ভাৰতৰ এনে কূটনৈতিক সাফল্যৰ প্রকৃত স্বৰূপ শেহতীয়া কেইটামান ঘটনাই উদঙাই দিছে। দিন চেৰেক পূৰ্বে দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত হৈ যোৱা ব্ৰীক্‌ছ সন্মিলনৰ পাৰ্শ্ব অনুষ্ঠানত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ স’তে প্রধানমন্ত্রী মোদী আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছত ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় যে লাডাখৰ সীমান্তৰ প্রকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) ত সৈন্যবাহিনী অপসাৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ দুই ৰাষ্ট্ৰনেতাই ঐক্যমত পোষণ কৰিছে।

অৱশ্যে চীন চৰকাৰৰ তৰফৰ পৰা প্ৰকাশিত ভাষ্যই সম্পূর্ণ পৃথক ছবিহে দাঙি ধৰে; বৰঞ্চ এলএচিৰ পৰা সৈন্য আঁতৰ কৰাৰ ক্ষেত্ৰত চীনৰ ৰাষ্ট্ৰপতিয়ে নীৰৱতা অৱলম্বন কৰে আৰু পুৰণি স্থিতিকে দোহাৰে। ইয়াৰ পাছতে চলিত সপ্তাহত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা জি- ২০ সন্মিলনৰ পূৰ্বে চীনে প্রকাশ কৰা মানচিত্ৰত ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু আকছাই চীনক সামৰি লৈছে। ইয়াৰ জৰিয়তে চুবুৰীয়া দেশখনে ঔদ্ধত্য প্ৰদৰ্শন কৰাৰ লগতে দিল্লীৰ স্থিতিত যে গুৰুত্ব প্ৰদানৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে তাৰেই স্পষ্ট ইংগিত দিছে।

গতিকে মোদী চৰকাৰৰ বহুচৰ্চিত সফল কূটনৈতিক কুচকাৱাজে যে ভাৰতক স্বস্তিত ৰাখিব পৰা নাই, সেই কথাকেই দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ চৰকাৰৰ দাবীৰ বিপৰীতে লাডাখত চীনে ইতিমধ্যে ভাৰতৰ বৃহৎ অঞ্চল বেদখল কৰা বুলি বিভিন্ন তথ্যত প্ৰকাশ পাই আহিছে। বৰঞ্চ চীনে ঠাই অধিকাৰ কৰা নাই বুলি মোদীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে বুলিহে বিজেপিৰ বাহিৰে ভিতৰে বিভিন্ন মহল সৰৱ হৈ আহিছে।

গতিকে ইমানদিনে মোদী চৰকাৰে সাফল্যৰ দাবী কৰি অহা গুৰুত্বপূৰ্ণ বিষয়সমূহত দেশ আশ্বস্ত হ’ব পৰা স্থিতিত যে নাই সেয়া স্পষ্ট। এনে অৱস্থাত আগন্তুক নিৰ্বাচনত জয়লাভ কৰাটো যে সহজসাধ্য নহ’ব, তাৰ উমান লাভ কৰিয়ে বিজেপিয়ে এক চমৎকাৰৰ অপেক্ষা কৰিছে।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: And Waiting For a Surprise to be CreatedArticlePM ModiPranjalsen Deka
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d