ISRO Scientist N Valarmathi Passed Away: শোকস্তব্ধ ইছৰ’ !

চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ অন্যতম বিজ্ঞানী এন ভালাৰমথীৰ দেহাৱসান

isro

ISRO Scientist N Valarmathi Passed Away:

ইতিহাস সৃষ্টিৰে চন্দ্ৰযান -৩ উক্ষেপনৰ পাছতে সমগ্ৰ বিশ্বজুৰি ভাৰত প্ৰশংসিত হৈ পৰাৰ মাজত দেশবাসীৰ বাবে আহিল এটা বেয়া খবৰ। ইছৰ’-এ দিলে বেয়া খবৰটো ৷

চন্দ্ৰযান-৩ মিছনত অগ্ৰণী ভূমিকা লোৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী ভালাৰমথীৰ দেহাৱসান ৷

উল্লেখ্য যে ১৪ জুলাইত অন্ধ্র প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ছোৱাত কাউণ্ট-ডাউনৰ যি এনাউন্সমেন্ট দিয়া হৈছিল ৷ সেই কন্ঠ আছিল ভালাৰমথীৰ।

তামিলনাডুৰ অৰিয়ালুৰৰ বাসিন্দা ভালাৰমথীয়ে হৃদৰোগত আক্ৰান্ত হৈ দেওবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে ৷ । মৃত্যুৰ সময়ত মহাকাশ বিজ্ঞানী গৰাকীৰ বয়স আছিল ৬৪ বছৰ। তেওঁ ৩৯ বছৰ ধৰি ইছৰ’ৰ স’তে জড়িত হৈ আছিল ৷

প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী ভালাৰমথীৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে ইছৰ’ চৌহদ ৷

ইছৰ’ অধ্যক্ষ এছ সোমনাথে কয়,ভালাৰমথীৰ আকস্মিক মৃত্যু ইছৰ’ৰ বাবে এক বৃহৎ ক্ষতি ৷ তেওঁৰ বৰঙনিৰ কথা সদায় মনত ৰাখিব ইছৰ’ৰ পৰিয়ালে ৷

Exit mobile version