Tamilnadu Cm Son Udhayanidhi Stalin:তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই ডেংগু, মেলেৰিয়া, কৰ’নাৰে তুলনা কৰিলে সনাতন ধর্মক

stalin

Tamilnadu Cm Son Udhayanidhi Stalin:

তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনৰ পুত্র উদয়নিধি ষ্টেলিনে সনাতন হিন্দু ধর্মক ডেংগু, মেলেৰিয়া আৰু কৰ’নাৰে তুলনা কৰিলে।

উদয়নিধিয়ে এইদৰে ক’লে, ‘মহ, ডেংগু, জ্বৰ, মেলেৰিয়া আৰু কৰ’না হৈছে এনে কিছুমান সমস্যা যিবিলাকৰ বিৰোধ কৰিব নোৱাৰি, এইবোৰক সমাপ্ত কৰা জৰুৰী হয়।’ এই মন্তব্যৰ লগতে উদয়নিধিয়ে কয় যে সনাতন ধর্ম ডেংগু, মেলেৰিয়া, কৰ’নাৰ দৰে আৰু ইয়াক সমাপ্ত কৰা জৰুৰী।

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই এইদৰে সনাতন ধৰ্মক ৰোগৰ স’তে তুলনা কৰাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উদয়নিধিৰ বিৰুদ্ধে ইতিমধ্যে দিল্লীত এজন অধিবক্তাই আৰক্ষী থানাত গোচৰো ৰুজু কৰিলে।

সামাজিক মাধ্যম ‘এক্স’ত নিজৰ মন্তব্যৰ সন্দৰ্ভত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰ দি উদয়নিধিয়ে এইদৰে লিখিলে, ‘যিকোনো আইনী প্ৰত্যাহ্বানৰ বাবে সাজু আছো। মই এই ধৰণৰ ভাবুকিক ভয় নকৰো। আমি পেৰিয়াৰ আৰু আন্নাৰ অনুগামী। মই আজি, কাইলৈ আৰু সদায়ে কম যে দ্রাবিড় ভূমিত সনাতন ধর্মক প্ৰতিৰোধ কৰাৰ আমাৰ সংকল্প অটুট থাকিব।’

Exit mobile version