Subhalakshmi Dutta:শুভলক্ষীক বিচাৰি গুৱাহাটীত শিৱসাগৰ আৰক্ষীৰ অভিযান

গ্ৰেপ্তাৰ হ'ব পাৰে শুভলক্ষী দত্ত, বনকৰা মহিলা অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ শুভলক্ষ্মীৰ বিৰুদ্ধে

subhalakshmi

Subhalakshmi Dutta:

বহু বিতৰ্কিত নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষী দত্তক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান । আৰক্ষীৰ চকুত ধূলি দি নিশা পলায়ন কৰে শুভলক্ষ্মীয়ে ৷ নিশাৰ ভাগতে পিছ দুৱাৰেদি পলায়ন৷ এই দৃশ্য বন্দী চি চি টি ভি ফুটেজত ৷

উল্লেখ্য প্ৰাক্তন বিজেপিৰ বিধায়ক কুশল দুৱৰীৰ মহানগৰীৰ ছয়মাইলস্থ বাসগৃহত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। কুশল দুৱৰীৰ বাসগৃহতেই আত্মগোপন কৰিছিল শুভলক্ষীয়ে।

নাজিৰাৰ নিজৰ চৰকাৰী বাসগৃহত বনকৰা মহিলা অনিমা প্ৰজাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উদ্থাপিত কৰে স্বয়ং মহিলা গৰাকীয়ে ৷ আনকি অনিমা প্ৰজাৰ গাত গৰম পানী ঢালিছিল নিলম্বিত এ এছ পি গৰাকীয়ে ৷

একেদৰে বাথৰুমৰ মজিয়া চেকেলিবলৈ বাধ্য কৰাইছিল শুভলক্ষ্মীয়ে। পৰৱৰ্তী সময়ত অনিমা প্ৰজাই আৰক্ষী শিৱসাগৰ থানাত শুভলক্ষ্মীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ

তদুপৰি আটছা সহ কে’বাটাও সংগঠনে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবীত সৰব হৈ পৰিছিল ৷

আনহাতে অভিযোগ উত্থাপন হোৱাৰ পিছতে ৩০ আগষ্টত হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হয় যদিও পৰৱৰ্তী সময়ত নিলম্বন কৰা হৈছিল।

তাৰ পাছৰে আত্মগোপন কৰে নিলম্বিত আৰক্ষী বিষয়া গৰাকী ৷ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। মঙলবাৰে মহানগৰীৰ ছয়মাইলস্থ প্ৰাক্তন বিজেপিৰ বিধায়ক কুশল দুৱৰীয়ে বাস কৰা এপাৰ্টমেণ্টৰ সপ্তম মহলাৰ ফ্লেট নং 7-D সহ সকলো আবাসীৰ ফ্লেটত অভিযান চলাইছে শিৱসাগৰ আৰক্ষীয়ে।

Exit mobile version