Silsako Eviction Drive Up Date: শিলসাকোত আজিও অব্যাহত থাকিল উচ্ছেদ অভিযান

চলিল বুলডজাৰ, কিন্তু এটা ভুল কৰিলে প্ৰশাসন, প্ৰশাসনৰ ভুল স্বীকাৰ, শিলসাকোৰ দলবাৰীত পুনৰ উচ্ছেদৰ সময়ত প্ৰশাসনে নিৰ্দিষ্ট সীমা পাৰ হৈ যায়

silsako eviction drive

Silsako Eviction Drive Up Date:

জন্মাষ্টমী দৰে পবিত্ৰ দিনটোতো প্ৰশাসনৰ বুলডজাৰ চলিল শিলসাঁকোত ৷ পুৱাৰে পৰা অব্যাহত থকা উচ্ছেদ অভিযানৰ মাজতে প্ৰশাসনে কৰিলে এটা ভুল ৷

শিলসাকো দলবাৰীৰ সনাতন নামঘৰ পথত উচ্ছেদৰ সময়ত প্ৰশাসনে নিৰ্ধাৰিত সীমা পাৰ হৈ ১০০ ফুট ভিতৰলৈ গৈ চাৰিটাকৈ বাসগৃহ ভাঙি পেলাই ৷ আনকি ঘৰ কেইটা উচ্ছেদৰ সময়ত কৰা নাছিল বিদ্যুৎ সংযোগ কৰ্তন

অৱশ্যে কিছু সময়ৰ পাছতে প্ৰশাসনে উচ্ছেদৰ সময়ত ভুলক্ৰমে ১০০ ফুট ভিতৰলৈ যোৱাটো স্বীকাৰ কৰে ৷ উল্লেখ্য যে, বিদ্যুৎ কৰ্তন নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

Exit mobile version