Gunotsav2024:৪ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ গুণোৎসৱ

তিনিটা পৰ্যায়ত হ'ব গুণোৎসৱ

gunotsav

Gunotsav2024:

ৰাজ্যত পুনৰ গুণোৎসৱ ৷ ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া পঞ্চম পৰ্যায়ৰগুণোৎ‍সৱৰ দিন ঘোষণা কৰা হয়।

সেই অনুসৰি ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰিত হ’ব গুণোৎ‍সৱ।

আনহাতে ৯ ৰ পৰা ১২ জানুৱাৰীলৈ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া জিলাৰ শিক্ষানুষ্ঠান সমূহত উদযাপন হ’ব গুণোৎ‍সৱ ।

ইপিনে, ৬ ফেব্রুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ গুণোৎ‍সৱ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হ’ল বঙাইগাঁও, দৰং, ডিব্রুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, পশ্চিম কাৰ্বি আংলঙ।

Exit mobile version