Russian Missile Attack In Ukraine:ইউক্রেইনত ৰুছ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত ১৭ জন

uk

Russian Missile Attack In Ukraine:

আমেৰিকাৰ বৈদেশিক সচিব এন্টনী ব্লিংকৰ ইউক্রেইন ভ্ৰমণৰ পাছতে পূব ইউক্রেইনত আক্রমণ চলালে ৰাছিয়াই।

পূব ইউক্রেইনৰ বজাৰ অঞ্চলত শক্তিশালী ৰুছ ক্ষেপণাস্ত্ৰৰ আঘাতত প্ৰাণ হেৰুৱালে কমেও ১৭ জন লোকে। এই ঘটনাত ৩৮ জন লোক আহত হৈছে।

উল্লেখ্য যে বিগত ১৮ মাহ ধৰি অব্যাহত থকা ৰাছিয়া-ইউক্রেইন যুদ্ধৰ মাজতে চতুৰ্থবাৰলৈ ইউক্রেইন ভ্ৰমণ কৰিলে আমেৰিকাৰ বৈদেশিক সচিব এন্টনী ব্লিংকে

ব্লিংকনে তেওঁৰ শেহতীয়া ভ্ৰমণত ইউক্রেইনক ১০ লাখ মার্কিন ডলাৰৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল। যুদ্ধবিধ্বস্ত দেশখনৰ নাগৰিক আৰু সেনাৰ প্ৰয়োজনৰ বাবে উক্ত অনুদান প্ৰদানৰ কথা ঘোষণা কৰিলে ব্লিংকনে।

মার্কিন বৈদেশিক সচিবৰ ভ্ৰমণৰ পাছতে ইউক্রেইনৰ ভূমিত পুনৰ আঘাত হানিলে ৰুছ সেনাই।

Exit mobile version