Minor Arrested With Drugs In Mankachar:মানকাচৰত ড্ৰাগছ সহ নাবালক আটক

drugs seized

Minor Arrested With Drugs In Mankachar:

মানকাচৰৰ কেতবোৰ অঞ্চলত শেহতীয়াকৈ ড্ৰাগছৰ ৰমৰমীয়া সৰবৰাহ হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে ফেকামাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাফসহ আটক কৰে  দুই সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰীৰ এজন নাবালক ৷ বয়স ১৫ বছৰ ৷

আনজন ধৃত সৰবৰাহকাৰীৰ নাম ৰূপচান আলী। ধৃত সৰবৰাহকাৰীৰ পৰা ১৩৬৮০ টা নিচাযুক্ত টেবলেট আৰু ৯০ বটল কফ চিৰাফ ৷

উল্লেখ্য যে,ধৃত সৰবৰাহকাৰীয়ে এখন যাত্ৰীবাহী টেম্পোৰে হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ আছিল । কিন্ত গোপন খবৰৰ ভিত্তিত জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত যোৱা আৰক্ষী দলে খাৰুৱাবান্ধাত অৰ্তকিতে অভিযান চলাই দুই সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাফ সহ আটক কৰে ৷

মনকৰিবলগীয়া যে, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে সদৰি কৰা মতে,আৰক্ষীয়ে আটক কৰা নাবালকজনৰ পিতৃ এজন কুখ্যাত ড্ৰাগছ মাফিয়া। আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত দীৰ্ঘদিন ধৰি পশ্চিমবংগত বাহৰ পাতি আছিল ড্ৰাগছ মাফিয়াটো ৷ তাৰ পৰাই নাবালক পুত্ৰৰ জৰিয়তে কোচবিহাৰৰ পৰা ধুবুৰী হৈ মানকাচৰলৈ পঠিয়াইছিল জব্দকৃত ড্ৰাগছখিনি।

Exit mobile version