Dumper Seized:কাজিৰঙাত গোপনে শিল সৰবৰাহ কৰা ডাম্পাৰ জব্দ বন কৰ্মীৰ

dumper seized

Dumper Seized:

কাজিৰঙাত শেহতীয়াকৈ গোপনে শিল সৰবৰাহ হৈ থকাৰ বিষয়ে চৰকাৰ জ্ঞাত হোৱাৰ পাছতে সক্ৰিয় হৈ উঠিছে বন বিভাগ ৷

কলিয়াবৰৰ মিছাৰ পৰা বোকাখাতলৈ শিল সৰবৰাহ কৰি থকা এখন শিলভৰ্তি ডাম্পাৰ বন বিভাগৰ দ্বাৰা জব্দ  ৷ জব্দকৃত ডাম্পাৰ খনৰ নম্বৰ এএছ0৫চি -৪২৬৮ ৷

উল্লেখ্য যে,কাজিৰঙাৰ হালধিবাৰীত বন বিভাগে নিয়মীয়া তালাচী চলাই থকা সময়ত ড্ৰাম্পাৰ খনৰ নথিপত্ৰ পৰীক্ষা কৰাত সকলো তথ্য পোহৰলৈ আহে ।

আনহাতে ডাম্পাৰ খনৰ চালকে বন বিভাগৰ দিয়া স্বীকাৰোক্তি অনুসৰি ডাম্পাৰখনৰ গৰাকী বোকাখাতৰ বিজয় দাসৰ নিৰ্দেশ মৰ্মেই নথি পত্ৰ নোহোৱাকৈ শিলখিনি সৰবৰাহ কৰিছিল বুলি জনাই চালকে।

Exit mobile version