Cm Announced :Bajali To be made District in 15-20 days:বজালী জিলা গঠনৰ দাবী আন্দোলন অব্যাহত থকাৰ মাজতে

সদনত মুখ্যমন্ত্ৰীৰ ঘোষণা:১৫-২০ দিনৰ ভিতৰত জিলা কৰা হ'ব বজালীক

cm hbs

Cm Announced :Bajali To be made District in 15-20 days:

বজালী জিলা গঠনক লৈ যোৱা কেইবাদিন ধৰি পাঠশালাত অব্যাহত থকা ধাৰাবাহিক আন্দোলনৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাত ঘোষণা কৰে যে অহা ১৫-২০ দিনৰ ভিতৰত গঠন হ’ব বজালী জিলা ।

মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয়, জিলা গঠনত কিছু বিলম্বৰ কাৰণ হ’ল কিছু কাৰিকৰী অসুবিধা ৷ একেদৰে জিলাখনৰ নতুন উপ-জিলাৰ কাৰ্যালয় আৰু আন্তঃগাঁথনিৰ বাবে ৫ কোটিকৈ টকাৰ অনুমোদন আগঢ়োৱা হৈছে ৷

মনকৰিবলগীয়া যে, যোৱা তিনিটা বৰ্ষতে ৰাজ্য চৰকাৰে দুবাৰকৈ বজালীক জিলা ঘোষণা কৰি দুবাৰেই জিলাৰ মৰ্যাদা কাটি দিয়ে ৷ বাৰেপতি বিজেপি চৰকাৰে জিলা গঠনক লৈ ল’ৰা ধেমা কৰা কাৰ্যৰ বিৰূদ্ধে সোচ্ছাৰ হৈ পৰে বজালীৰ দল-সংগঠন ৷

যাৰবাবে বিগত কে’বা দিন ধৰি বজালীৰ দল-সংগঠনে ৰাইজৰ সহযোগত আৰম্ভ কৰে অনিদিষ্টকালীন আন্দোলন কাৰ্যসূচী৷ বুধবাৰে পাঠশালাত ৰাজপথ অৱৰোধৰে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে ৷ আনহাতে এই ক্ষেত্ৰত মৌনতা ভূমিকা লোৱাৰ অভিযোগ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ বিৰুদ্ধে ৷

আনহাতে আজি বিয়লি ৰনজিৎ কুমাৰ দাসে বজালী ৰাইজৰ আন্দোলন সন্দৰ্ভত কয় যে,বজালী জিলা গঠনৰ বাবে মুখ্যমন্ত্ৰীৰ সদিচ্ছা ইতিবাচক ৷ শীৰ্ঘেই জিলাৰ মৰ্যাদা পাব বজালীয়ে ৷ মুখ্যমন্ত্ৰীৰ স’তে মন্ত্ৰী গৰাকীয়ে আলোচনা কৰিছে ৷ অহা পষেকতে ভাল খবৰ পাব বজালীবাসীয়ে বুলি উল্লেখ কৰে মন্ত্ৰী দাসে ৷

উল্লেখ্য যে,ৰাজ্যচৰকাৰে ঘোষণা কৰা ৭৯ খন উপ-জিলাত বজালীৰ নাম প্ৰত্যক্ষ কৰাৰ পাছতেই প্ৰতিবাদ সৃষ্টি হয় বজালীত।

স্মতৰ্ৱ্য যে,২০১৯ ত সৰ্বানন্দ সোণোৱাল চৰকাৰে বজালীক জিলা ঘোষণা কৰাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ২০২২ ত জিলা কৰ্তন কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ অৱশ্যে ২০২৩ ত পুনৰ জিলাৰ মৰ্যাদা দিয়ে যদিও ১২ ছেপ্তেম্বৰত আকৌ জিলাৰ মৰ্যাদা কৰ্তন কৰি ৭৯ খন উপ-জিলাৰ স’তে বজালী নাম সংযোজন কৰাত ক্ষোভিত হৈ পৰে বজালী দল-সংগঠন ৷

অৱশেষত সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই আজি সদনত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ১৫-২০ দিনৰ ভিতৰত জিলা ঘোষণা কৰা হ’ব বুলি সদৰি কৰে ৷

Exit mobile version