Fake Enterprise Scam In Mangaldai: দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত ভয়ংকৰ কেলেংকাৰী

এশ কোটি টকীয়া কেলেংকাৰী হোৱাৰ অভিযোগ, নিবাৰন বৰা নামৰ এজন বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে এই অভিযোগ 

mangaldoi

Fake Enterprise Scam In Mangaldai:

দৰং জিলা আয়ুক্ত কাৰ্যলয়ৰ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগত সংঘটিত প্ৰায় এশ কোটি টকীয়া এক কেলেংকাৰী পোহৰলৈ আহিছে ৷ MD Enterprise নামত নিবিদা লাভ কৰা প্ৰতিষ্ঠান এটাৰ নামত দুটা বেংক একাউন্টৰ জৰিয়তে ইতিমধ্যে প্ৰায় এশ কোটি টকা সৰকাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

নিস্ক্ৰিয় জি এছ টি ৰে বৃহৎ কৰ ফাকি দি প্ৰতিষ্ঠানটোৱে দুটা বেংক একাউণ্টৰ জৰিয়তে ইতিমধ্যে বৃহৎ ধন উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ ৷ দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিবিদা লাভ কৰা MD Enterprise নামৰ প্ৰতিষ্ঠানটোৱে নিষ্ক্ৰিয় জি এছ টি নং ব্যৱহাৰ কৰি দুটা বেংক একাউন্টৰ জৰিয়তে কোটি কোটি টকা উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে ৷

নিবাৰন বৰা নামৰ আয়ুক্ত কাৰ্যালয়ৰ ঠিকাদাৰ এজনে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ নিবাৰন বৰাই ২০২০-২০২২ বৰ্ষত দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্হাপনা বিভাগৰ জৰিয়তে বানপিড়িত তথা বানাক্ৰান্ত পশুধন সমুহৰ খাদ্য যোগানৰ নামত নিবিদা লাভ কৰি আহিছিল ৷

আয়ুক্ত কাৰ্যালয়টোৰ উক্ত বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদপুষ্ট নিবাৰন বৰা নামৰ ঠিকাদাৰ জনে দুৰ্নীতিৰে এই প্ৰতিষ্ঠানটোৰ অধীনত ঠিকা সমুহ আবন্টন লৈ প্ৰতিষ্ঠানটোৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মঙলদৈ শাখাৰ জৰিয়তে কিছু ধন উলিওৱাৰ বিপৰীতে খোদ নিবাৰন বৰাৰ নামত থকা বন্ধন বেংক মঙলদৈ শাখাত থকা একাউণ্টৰ জৰিয়তে প্ৰতিষ্ঠানটোই নিবিদাৰ লাখ লাখ টকা উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উঠিছে ৷

ইপিনে MD Enterprise ৰ হৈ নিবাৰন বৰাইহে নথি পত্ৰত চহী কৰি অহাৰো তথ্য পোহৰলৈ আহিছে ৷

Exit mobile version