Aditya L-1:চতুৰ্থবাৰ কক্ষপথ সলনি কৰিলে লক্ষ্যত অবিচল আদিত্যই

মঙলবাৰে অগ্নিপৰীক্ষা, পৃথিৱীৰ মায়া এৰি সূৰ্যৰ দিশে আগুৱাব ইছৰ'ৰ সৌৰযান

aditya l1

Aditya L-1:

আৰু এটা স্তৰ পাৰ কৰিলে সৌৰযান আদিত্য এল -১য়ে ৷ Suচন্দ্ৰযান-৩ৰ পাছতেই ইতিমধ্যে আন এক মাইলৰ খুঁটি স্থাপন কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ ৱে। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নির্মিত সৌৰযান আদিত্য-এল-১ ক শ্ৰীহৰিকোটাৰ পৰা সূৰ্যৰ দিশে সফলভাবে উৎক্ষেপণ কৰা হৈছে। ইয়াৰ পৰাই নিজৰ লক্ষ্যত এই পর্যন্ত অবিচল হৈ আছে আদিত্য- এল-১।

ইছৰৰ বিজ্ঞানীৰ সু- পৰিচালনাত অতি কৌশলীভাৱে ইটোৰ পাছত সিটোকৈ পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰি গৈ আছে। সৌৰযানখনে চতুৰ্থবাৰলৈ পৃথিৱীৰ কক্ষপথ অতিক্ৰম কৰিলে। এক বিবৃত্তিযোগে ইছৰ ৱে এই খবৰ সদৰী কৰিছে। অৱশ্যে আদিত্য- এল-১ৰ আচল অগ্নিপৰীক্ষা হ’ব অহা মঙলবাৰে।

যোৱা তিনি ছেপ্টেম্বৰত প্ৰথমবাৰ কক্ষপথ সলনি কৰিছিল সৌৰযানে। ইয়াৰ পাছত এই পর্যন্ত চাৰিবাৰ কক্ষপথ সলনি কৰিলে। অহা মঙলবাৰে পঞ্চম তথা ‘অন্তিমবাৰলৈ যানখনে পৃথিৱীৰ কক্ষপথ পৰিৱৰ্তন কৰিব। সেই প্ৰক্ৰিয়া সফল হ’লেই পৃথিৱীৰ “মায়া ত্যাগ কৰি মহাশূন্যত খোজ পেলাব আদিত্য এল ১য়ে।

অর্থাৎ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ আওতাৰ পৰা বাহিৰলৈ ওলাই সৌৰযানখনে সূৰ্যৰ দিশে অগ্ৰসৰ হ’ব। যানখনে ১৫ লাখ কিলোমিটাৰ দূৰৰ ‘লে-পইণ্ট পর্যন্ত ৰাওনা হোৱাৰ কথা। আদিত্যই মাধ্যাকর্ষণ, সূৰ্যৰ পোহৰৰ জীৱনী শক্তিসহ নানা বিষয়ত পৰীক্ষা চলাব। যানখনত আছে সাতটা পে-লোড।

যাৰ ভিতৰত এটাই সূৰ্যৰ পৰা অহা পোহৰ পৰীক্ষা কৰিব। বাকী তিনিটাই প্লাজমা আৰু মেগনেটিক ফিদ্ৰক লৈ কাম কৰিব। শক্তি নিৰ্ধাৰণ কৰিব। সূৰ্যৰ আলোক বিচ্ছুৰণৰ ধৰণ পৰ্যবেক্ষণ সমান্তৰালভাৱে ইছৰ’সৌৰযানে সূৰ্য্যৰ সমীপৰ বতৰো পৰ্যবেক্ষণ কৰিব আৰু লগে লগে তথ্যও প্ৰেৰণ কৰিব ৷

Exit mobile version