Asom Sahitya Sabha financial Scam:অসম সাহিত্য সভাত বিত্তীয় কেলেংকাৰী !

কেলেংকাৰি সন্দৰ্ভত তিনি বিষয়া-ববীয়াক তলব সভাৰ

SAHITYA SABHA

Asom Sahitya Sabha financial Scam:

জাতীয় সাহিত্যানুষ্ঠান অসম সাহিত্য সভাত সময়ে সময়ে উদ্থাপিত কেতবোৰ কৰ্মকাণ্ডই সাহিত্য সভাৰ গৰিমা ক্ৰমাৎ লাঘব হৈছে ৷

এইবাৰ সাহিত্য সভাত সংঘটিত হৈছে বিত্তীয় কেলেংকাৰি ৷ ইতিমধ্যে সভাই বিত্তীয় কেলেংকাৰি সন্দৰ্ভত তলৱ কৰিছে তিনি বিষয়ববীয়া ক্ৰমে অনুৰূপ সুযোগ মানিক আহমেদ, মুকুল গগৈ আৰু দেৱজিত বৰাক ৷

আনকি সভাই তিনি বিষয়ববীয়াক আত্মপক্ষৰ সমৰ্থনত বক্তব্য ৰখাৰ সূযোগ দিয়ে।
উল্লেখ্য য়ে, সভাৰ সংবিধান উলংঘাৰে নীতি বহির্ভূতভাৱে দেৱজিত বৰাৰ বিৰুদ্ধে ১.২০ লাখ ব্যয়ৰ কৰাৰ গুৰুত্বৰ অভিযোগ ৷

একেদৰে বর্ষপঞ্জী প্ৰকাশৰ নামত মুকুল গগৈয়ে লৈছিল ৫০ হাজাৰ টকা ৷ অথচ এই পর্যন্ত প্রকাশ পোৱা নাই সাহিত্য সভাৰ বৰ্ষপঞ্জী ৷ আনহাতে বর্ষপঞ্জীৰ নামত আদায় লোৱা ধনৰাশিও ওভতাই দিয়া নাই গগৈয়ে ৷ অনুৰূপ অভিযোগ উদ্থাপিত হৈছে মানিক আহমেদৰ বিৰুদ্ধেও ৷

নীতি বহির্ভূতভাৱে বিভিন্ন বঁটাৰ ধন ব্যয় কৰিছিল আহমেদে ৷ আহমেদৰ বিৰুদ্ধে আছে ২.৭৬ লাখ টকা ব্যয়ৰ অভিযোগ।

সংবিধান উলংঘা কৰি উল্লিখিত পৰিমাণা ধন আহমেদে ব্যয় নকৰাৰ অভিযোগ উদ্থাপিত হোৱাৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

অৱশেষত সকলো দিশ চালিজাৰি চাই তিনি বিষয়ববীয়াক সাহিত্য সভাৰ মুল কাৰ্যালয়লৈ তলৱ কৰা হয়।

Exit mobile version