State Govt.Programme mur mati,mur Desh:ৰাজ্য চৰকাৰৰ’মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী

cm hbs

State Govt.Programme mur mati,mur Desh:

অহা ‘১৯ ছেপ্টেম্বৰৰ পৰা ২৬ অক্টোবৰলৈ ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচী সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ’ব। কাৰ্যসূচী সন্দৰ্ভত ৰাইজক অৱগত কৰিবলৈ ইতিমধ্যে জিলা আয়ুক্তক দিয়া হৈছে নিৰ্দেশ ৷

এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ দেওবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ‘মোৰ মাটি মোৰ দেশ’সম্পৰ্কত কয়, ৰাজ্যৰ প্ৰতিঘৰ বাসিন্দাৰ বাসগৃহ পৰা সংগ্ৰহ কৰা হ’ব এমুঠিকৈ মাটি ৷

আনহাতে যিসকলে মাটি দিব নোৱাৰে তেওঁলোকে এমুঠিকৈ অন্ন দিব। ইপিনে এখন গাঁও পঞ্চায়তত কমেও ২০টা কলহ থাকিব। গাঁৱৰ পৰা অহা মাটি এখন বগা কাপোৰত সমবেত কৰা হ’ব।

পঞ্চায়তত থকা কলহ লৈ ৰাইজে ব্লক কাৰ্যালয়লৈ শোভাযাত্ৰা কৰিব। ২৭০টা অমৃত কলহ ৰখা হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। দেশৰ বিভিন্ন প্ৰান্তৰ ৭,৫০০ কলহ দিল্লীৰ অমৃত উদ্যানলৈ লৈ যোৱা হ’ব সদৰে কৰে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version