Robbery Loots Rs 3.50 Lakh From Woman In Narengi:মহানগৰীত এতিয়া কিহৰ আতংক !

নাৰেংগীত মহিলাৰ পৰাই ডকাইতে লুট কৰি নিয়ে ৩.৫ লাখ টকা

union bank

Robbery Loots Rs 3.50 Lakh From Woman In Narengi:

সৰ্বসাধাৰণ লোকৰ বাবে অসুৰক্ষিত হিচাপে বিবেচিত হৈছে গুৱাহাটী মহানগৰ ৷ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে নিবিঘ্নে চলাই গৈছে ইটোৰ পাছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ ৷

শেহতীয়াকৈ অপৰাধীৰ সাহস ইমানেই বাঢ়ি গৈছে যে এতিয়া দিনদুপৰতে লুটপাত চলাইছে ৷ বৃহস্পতিবাৰে নাৰেংগী তিনিআলিত দিনদুপৰতে সংঘটিত কৰে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷

প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ নাৰেংগীৰ ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা এগৰাকী মহিলাই ৩.৫ লাখ টকা উলিয়াইছিল।

টকাখিনি লৈ নিজৰ বাহনৰ কাষলৈ খোজকাঢ়ি গৈ থকাৰ সময়তে পালচাৰ বাইকত অহা দুজন দুৰ্বৃত্তই পথত পৰি থকা বিশটকীয়া নোট এখন তেওঁৰ পৰা পৰি যোৱা বুলি কয় ৷

আনহাতে মহিলা গৰাকীয়ে বিশটকীয়া নোট খন উঠাব লওঁতেই তেওঁৰ টকা ভৰ্তি বেগটো কাঢ়ি দুৰ্বৃত্তদ্বয় উধাও হয় ৷ দিনদুপৰতে সংঘটিত হোৱা এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে নাৰেংগীত ৷

ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত আৰম্ভ কৰে৷

এই খিনিতে প্ৰশ্ন হয়,দিন দুপৰতে মহানগৰীৰ য’তে ত’তে সঘনাই অব্যাহত থকা অপৰাধীৰ দৌৰাত্ম্য কেতিয়া ওৰ পৰিব ৷ এইয়া মহানগৰবাসীৰ লাখটকীয়া প্ৰশ্ন ৷

Exit mobile version