Karbianglong:বাঁহত কাপোৰ বান্ধি অসুস্থ মহিলাক লৈ চিকিৎসালয়লৈ যাত্ৰা

দূৰ্গম এলেকা বুলি অৱহেলিত নাই চিকিৎসা সেৱা - নাই যাতায়ত ব্যৱস্থা

karbianglong 3

Karbianglong:

কাৰ্বি আংলঙৰ দূৰ্গম এলেকাত থকা বাসিন্দাসকলৰ যন্ত্ৰণাময় দৃশ্য দেখি আপোনাৰো বুকু কঁপি উঠিব ! এয়াই সত্য | কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ২৫ নং নিলীপ পৰিষদীয় সমষ্টিৰ লৱাৰ তাৰাপুঙৰ ছাই তাৰ’ গাঁৱৰ দৃশ্য এয়া |

গাঁওখনৰ ৰলেন ৰংপিৰ পত্নী ৰবিকা ইংতিপী সুদীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল | তাৰাপুং অঞ্চলত নাই কোনো চিকিৎসা কেন্দ্ৰ | যাতায়তৰ বাবেও নাই বাট-পথ | উপায়ন্তৰ হৈ এডাল বাঁহত বিচনা চাদৰ বান্ধি ৰূগীয়া ৰবিকা ইংতিপীক কোনো ৰকমে ডলামাৰা চিকিৎসালয়লৈ অনা হয় |

অসুস্থ ৰবিকাৰ কোলাত কণমানি পুত্ৰ সন্তান। দূৰ্গম এলেকাসমূহত আজিও উন্নয়নৰ কোনো চিন মোকাম নাই | তাৰাপুং এলেকাৰ উক্ত কাৰ্বি গাঁওখনত অথবা আশে-পাশে নাই বাট-পথ, নাই চিকিৎসালয় |

এলেকাটোৰ বাসিন্দাসকলে হাতৰ মুঠিত জীৱটো লৈ হাবি ফালি অথবা নদীৰ পানীৰ উপৰেদি এনেদৰেই চিকিৎসালয়লৈ যাত্ৰা কৰিব লাগে | নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাসকলে সভাই – সমিতিয়ে, ঘৰে ঘৰে আহি উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কোনো খবৰ লওঁতা নাই এই অঞ্চলবাসীৰ !

সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, নিলীপ সমষ্টিৰ জনপ্ৰতিনিধি আটাইকে সমষ্টিটোৰ উন্নয়ন কৰিবলৈ সচেতন মহলে আহ্বান জনায় ।

Exit mobile version