Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী

গ্ৰেপ্তাৰ এহাল দম্পতীক

arrested employee

Airforce Hospital Employee Arrested:

যোৰহাটৰ ৰৰৈয়াস্থ এয়াৰফৰ্চ হাস্পতালত বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে ।ইতিমধ্যে এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছত তৎপৰ হৈ পৰে যোৰহাট আৰক্ষী

উদ্থাপিত অভিযোগৰ পাছতে আৰক্ষীৰ জালত এহাল দম্পতী ৷ কেলেংকাৰী সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালয়খনৰ কৰ্মচাৰী জুপিতৰা কলিতাৰ লগতে তেওঁৰ স্বামী অৰুণ দে’ কো ।

উল্লেখ্য যে, ৰৰৈয়াস্থ এয়াৰফৰ্চ হাস্পতালত প্ৰায় ৮০ লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হয় ৷ সামগ্রী যোগানৰ বিপৰীতে পৰিশোধ কৰিবলগীয়া ধন অতি কৌশলেৰে আত্মসাৎ কৰে চিকিৎসালয়খনৰ কৰ্মচাৰী জুপিতৰা কলিতা আৰু তেওঁৰ স্বামী অৰুণ দেই ।

এই সন্দৰ্ভত চিকিৎসালয় খনৰ কৰ্তৃপক্ষই এজহাৰ দিয়াৰ পাছতে দম্পতীহালক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে ৷

ঘটনা সন্দৰ্ভত ধৃত দম্পতীহালক মাৰাথন জেৰা কৰি অব্যাহত ৰাখি তদন্ত আৰম্ভ কৰিছে যোৰহাট সদৰ আৰক্ষীয়ে ৷

Exit mobile version