Antyodaya Diwas At The State BJP Headquarters:ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত্যোদয়া দিৱস আৰু জন্মোৎসৱৰ আয়োজন

state bjp 1

Antyodaya Diwas At The State BJP Headquarters:

ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক, একাত্ম মানৱতাবাদৰ প্ৰণেতা, সুদক্ষ সংগঠক তথা ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্গদৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিবস উপলক্ষে আজি ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৩৯৯ টা মণ্ডলত দলীয় কার্যকৰ্তা সকলৰ সহযোগত “অন্ত্যোদয়া দিবস” আয়োজিত হৈ যায়।

পুৱাৰ ভাগত দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত অন্তোদয়া দিৱসত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা, ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি জয়ন্ত কুমাৰ দাস, সাংসদ কুইন ওজা, সাধাৰণ সম্পাদক দিল্লু ৰঞ্জন শৰ্মাৰ লগতে অন্যান্য কার্যকৰ্তা সকল উপস্থিত থাকি দীনদয়াল উপাধ্যায়দেৱৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰে।

আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিৰ লগত সংগতি ৰাখি আজি বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষে নাম-প্ৰসংগৰ আয়োজন কৰে। তদুপলক্ষে তামোলপুৰৰ ৰামচৰণ পাঠকৰ নেতৃত্বত এটি নামতি দলে আজি নাগাৰা নাম পৰিৱেশন কৰে।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা বিমল মজুমদাৰে গুৰুজনাৰ সৃষ্টিৰাজিৰ ওপৰত বক্তব্য প্ৰদান কৰে।  উপস্থিত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক দিপু ৰঞ্জন শর্মা, সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সদস্য জয়শ্রী গোস্বামীকে আদি কৰি দলীয় কার্যকৰ্তা সকল আজিৰ অনুষ্ঠানত উপস্থিত আছিল।

Exit mobile version