Brown Sugar Seized In Agartala:ধৰ্মনগৰ ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ

জব্দ দুটা পিষ্টল

brown sugar seized

Brown Sugar Seized In Agartala:

ড্ৰাগছৰ ৰমৰমীয়া কৰিডৰত পৰিণত হৈছে প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাৰ কেতবোৰ স্থান ৷ মঙলবাৰে ত্ৰিপুৰাৰ ধৰ্মনগৰ ৰে’ল ষ্টেচনত জি আৰ পি এফৰ অভিযানত জব্দ  বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুটা পিষ্টল

বিশেষ খবৰৰ ভিত্তিত ধৰ্মনগৰ ৰে’ল ষ্টেচনত অৱস্থান কৰি থকা শিলচৰ- আগৰতলা পেচেঞ্জাৰ ৰে’ল গাড়ী খনৰ এটা ডবাত জি আৰ পি এফে অৰ্তকিতে চলোৱা তালাচীত ছয়টা ব্ৰাউন চুগাৰৰ পেকেট জব্দ কৰে৷জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ ওজন ৭৭ গ্ৰাম ৷ অৱশ্যে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৷

উল্লেখ্য যে,দেওবাৰে শিলচৰ- আগৰতলা পেচেঞ্জাৰ ৰে’ল গাড়ীৰ এটা ডবাত জি আৰ পি এফে অভিযান চলাই এজন যুৱকক দুটা বিদেশত নিৰ্মিত পিস্তল , মেগাজিন সহ আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱকজনৰ নাম বিছিক চাকমা ৷

জি আৰ পি এফৰ মাৰাথন জেৰাত যুৱকজনে স্বীকাৰ কৰে যে, পিষ্টল দুটা ডিমাপুৰৰ পৰা ক্ৰয় কৰি বাংলাদেশৰ‌ এজন লোকক বিক্ৰী কৰিবলৈ আনিছিল ৷

ইতিমধ্যে জি আৰ পি এফে ধৃত অস্ত্ৰ সৰবৰাহকাৰী যুৱকজনক আগৰতলা আৰক্ষীক চমজাই দিয়ে ৷

Exit mobile version