Arms Smuggler Arrested In Nagaon :
নগাঁও আৰক্ষীৰ এটি দলে ক্ৰিকেটাৰৰ ভেশত বৰঘাট বাইপাছৰ চিমচ হাস্পাতালৰ সমীপত অভিযান চলাই দুই দুৰ্ধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT
নাগালেণ্ডৰ পৰা ৰে’লৰে আহি চাপৰমুখ ষ্টেচনত নামি তাৰ পৰা গাড়ীৰে আহি বৰঘাটত এজন লোকক পিষ্টল বিক্ৰী কৰিব লওঁতেই দুই লোকক আটক কৰে ক্ৰিকেটাৰৰ ভেশত থকা নগাঁও আৰক্ষীৰ দলটোৱে৷
আৰক্ষীয়ে নাগালেণ্ডৰ দুধৰ্ষ অপৰাধীটোৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী জব্দ কৰে ৷ধৃত অস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম ইমপা গুমপা আৰু তাৰু গুমপা ৷ইতিমধ্যে আটকাধীন যুৱক দুজনক অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷