Numaligarh:নুমলিগড়ত বন্যহস্তীৰ ছমহীয়া পোৱালীৰ কৰুণ মৃত্যু

বাগিছাৰ গাতত পৰি মৃত্যু পোৱালিটোৰ

elephant

Numaligarh:

বাগিছাৰ গাতত পৰি বন্যহস্তিৰ ছমহীয়া পোৱালিৰ কৰণ মৃত্যু ৷ এই শোকাৱহ ঘটনা সংঘটিত হয় নুমলিগড়ৰ বিজুলী চাহ বাগিছাত ৷

সোমবাৰে নিশা বন্যহস্তিৰ জাক এটাই বিচৰণ কৰিছিল বিজুলী চাহ বাগিছাত ৷ সন্দেহ কৰা মতে হাতীৰ জাকটোৰ লগতে অহা কনমাণি হাতী পোৱালীটো বাগিচাৰ দ- গাতত আৱদ্ধ হৈ পৰে ৷
মঙলবাৰে পুৱা বাগিচাৰ শ্ৰমিকে মৃত অৱস্থাত উদ্ধাৰ কৰে হাতীৰ পোৱালিটো

ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতী পোৱালীটোৰ মৃত্যু হোৱা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version