‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

অদূৰ ভৱিষ্যতেই বিশ্বক গ্ৰাস কৰিব পাৰে আন এক অতিমাৰীয়ে

disease

‘Disease X’ Looms As A Potential Global Threat:

ক’ভিডৰ আতংক এতিয়াও বহুতৰে মনৰ পৰা মাৰ যোৱা নাই। সেইবাবেই এতিয়াও ৰাস্তাই-ঘাটে মুখত মাস্ক পৰিধান কৰা মানুহ দেখা পোৱা যায়। ইয়াৰ মাজতে পুনৰ এক নতুন ভাইৰাছৰ সন্ধানে চিন্তা বৃদ্ধি কৰিছে চিকিৎসকৰ।

এইবাৰ আশংকা কৰা হৈছে যে কভিতকৈও মাৰাত্মক কোনো ৰোগে মানৱ শৰীৰক আক্রমণ কৰিব পাৰে। এই ৰোগ কৰ’নাৰ তুলনাত বহু বেছি ভয়ানক আৰু কভিডতকৈ অধিক প্রাণঘাতী হ’ব বুলিয়ে সম্প্রতি সতর্কবাণী জাৰি কৰিছে ব্ৰিটেইনৰ স্বাস্থ্য বিভাগে।

আনকি বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা এই বিষয়ত সতর্ক কৰা হৈছে। ‘হু’ৰ তৰফৰ পৰা ক’ভিডতকৈও অধিক মাৰাত্মক এই ভাইৰাছক ‘ডিজিজ এক্স’ বুলি সম্বোধন কৰা হৈছে। ‘হু’ৰ প্ৰতিবেদন অনুসৰি, সমগ্ৰ বিশ্বত প্রায় ৭০ লক্ষ মানুহে ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

ব্ৰিটেইনৰ ভেকচিন টাস্ক ফ’ৰ্চৰ মুৰব্বী ডেম কেট বিংহামে সম্প্রতি জনাইছে যে সমগ্র বিশ্ব আৰু ডাঙৰ অতিমাৰীৰ সাক্ষী হ’ব পাৰে অদূৰ ভৱিষ্যতে। সেই অতিমাৰীৰ প্রকোপত প্রায় পাঁচ কোটি মানুহে প্ৰাণ হেৰুৱাব পাৰে। কৰ’নাৰ প্ৰতাপত যিদৰে সমগ্ৰ বিশ্বতে আতংক বিয়পিছিল, তাতকৈ সাত গুণ বেছি মৃত্যু তথা ভয়াৱহতা মানুহে দেখা পাব পাৰে ‘ডিজিজ এক্স’ৰ আক্ৰমণত ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ‘ডিজিজ এক্স’ নামৰ অৰ্থ হৈছে এনে এবিধ ৰোগ, যি অতিমাৰীৰ সৃষ্টি কৰিব পাৰে । অৱশ্যে এই ৰোগৰ পেথ জেনে কিদৰে মানুহৰ ক্ষতি কৰিব পাৰে সেয়া এতিয়াও অজ্ঞাত ।

এই প্ৰসংগত ব্ৰিটিছ ভেকচিন টাস্ক ফ’ৰ্চৰ প্ৰধান বিংহামে কয়, ‘বিজ্ঞানীসকলে সম্প্রতি ২৫টা ভাইৰাছৰ পৰিয়ালক পর্যবেক্ষণ কৰিছে, যাৰ প্ৰতিটোতে হেজাৰ হেজাৰ পৃথক ভাইৰাছ আছে। এইবোৰৰ ভিতৰত যিকোনো এটা মাৰাত্মক অতিমাৰীলৈ ৰূপান্তৰিত হ’ব পাৰে।’

ব্ৰিটেইনৰ বিজ্ঞানীসকলে ইতিমধ্যে এই অজ্ঞাত ভাইৰাছ ‘ডিজিজ এক্স’ৰ বাবে প্ৰতিষেধক প্ৰস্তুতৰ প্ৰচেষ্টা আৰম্ভ কৰিছে । উইল্টশ্বায়াৰৰ হাই ছিকিউৰিটী প’ৰ্টন ডাউন লেবৰেটৰী কমপ্লেক্সে পৰিচালনা কৰা এই গৱেষণাৰ কামত দুশৰো অধিক বিজ্ঞানী জড়িত হৈ আছে।

এই বিজ্ঞানীসকলে প্ৰধানকৈ এনিমেল ভাইৰাছ অর্থাৎ পশুৰ পৰা মানুহৰ শৰীৰলৈ বিয়পি অতিমাৰীৰ সৃষ্টি কৰিব পৰা ভাইৰাছসমূহৰ ওপৰতে কাম কৰি আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে বার্ড ফ্ল, মাংকি ভাইৰাছ,হানৱটা ভাইৰাছ আদি ৷

Exit mobile version