Jalukbari Police :ৰেডিছন ব্লুত বিহুক বিকৃতকৰণ

জালুকবাৰী আৰক্ষী চকীত ৰজু গোচৰ, অনুষ্ঠানৰ আয়োজকলৈ চমন জাৰি, ডিচি পি কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ, উপস্থিত নাথাকিলে জালুকবাৰী আৰক্ষীয়ে জাৰি কৰিব গ্ৰেপ্তাৰী পাৰোৱানা

bihu 1

Jalukbari Police :

মহানগৰীৰ ৰেডিছন ব্লুত আয়োজিত এক অনুষ্ঠানত বিহুক বিকৃতকৰণ কৰা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত ৰজু হ’ল গোচৰ ৷৫৬৩/২৩নম্বৰত গোচৰ ৰুজু হোৱা গোচৰ অনুসৰি ইতিমধ্যে গুড ছাইন ইভেন্ট মেনেজমেণ্টৰ কে’বাজনলৈ জালুকবাৰী আৰক্ষীয়ে জাৰি কৰে চমন

উল্লেখ্য যে,ৰেডিছন ব্লুত হোৱা অনুষ্ঠানটো আয়োজন কৰিছিল Greenlam Laminates য়ে৷ আনহাতে বিহু সহ অন্যান্য সাংস্কৃতিক ইভেণ্ট সমূহ প্ৰযোজনা কৰিছিল গুড ছাইন ইভেন্ট মেনেজমেণ্টে ৷

মুল সাংস্কৃতিক কাৰ্যসূচীত বিহু নৃত্যক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ডিজিপিক গোচৰ তৰিবলৈ নিৰ্দেশ নিয়ে ৷

সেই অনুসৰি জালুকবাৰী আৰক্ষীয়ে আয়োজক কমিটিৰ বিৰুদ্ধে গোচৰ ৰজু কৰি নৃত্য পৰিৱেশন কৰা গোটৰ আয়োজক তন্ময় সৰকাৰ, তুষাৰ আৰু কৰিঅ’গ্ৰাফাৰ ছামিম আহমেদ, আয়োজক গ্ৰুপৰ সঞ্চালক মধু পাণ্ডে ‘Greenlam Laminates’ৰ উপাধ্যক্ষ এলেক্স যোছেফক তলব কৰে জালুকবাৰী আৰক্ষীয়ে।

তলৱ কৰা আটাইকেজনক পশ্চিম আৰক্ষী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত হাজিৰ হ’বলৈ দিয়া হৈছে নির্দেশ। নিৰ্দেশ অমান্য কৰিলেই আৰক্ষীয়ে জাৰি কৰিব এৰেষ্ট ৱাৰেণ্ট ৷

Exit mobile version