Massive Fire Breaks Out at Wedding Reception: বিবাহ অভ্যৰ্থনাত ভয়ংকৰ অগ্নিকাণ্ড

দৰা-কইনাৰ সহ মৃত্যু ১১৫ ৰো অধিক

irag fire 3

Massive Fire Breaks Out at Wedding Reception:

ইৰাকৰ হামদানিয়াত ভয়ংকৰ অঘটন ৷ ৰাজধানী বাগদাদৰ পৰা প্ৰায় ৩৩৫ কিলোমিটাৰ দূৰত্বত স্থিত নিনেভ প্ৰদেশৰ হামদানিয়া নামৰ জিলা খনৰ এটা বিবাহভৱনৰ বিবাহস্থলীত বুধবাৰে সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় শতাধিক লোকে ৷ মৃতকৰ ভিতৰত আছে দৰা- কইনাও ৷

ইতিমধ্যে অগ্নিকাণ্ডস্থলীত হামদানিয়াৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক গাড়ী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে ৷

এই পৰ্যন্ত উদ্ধাৰ হৈছে প্ৰায় ১১৫ জন লোকৰ ৷ ইয়াৰোপৰি আহতৰ সংখ্যা হৈছে ডেৰ শতাধিক। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷ অগ্নিকাণ্ড ইমানে

 

তালিবাণী আৰক্ষীয়ে সদৰি কৰা মতে,আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

Exit mobile version