Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

protest 1

Nalbari Sahid Mukundra Kakati civil Hospital:

ৰাইজৰ প্ৰতিবাদত উত্তাল নলবাৰীৰ ৰাজপথ । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ স্থিতাৱস্থা বাহাল ৰখাৰ দাবীত আজি নলবাৰীত জেল ভৰো কাৰ্যসূচী ৰূপায়ণ।

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় জেল ভৰো কাৰ্যসূচী । শ্বহীদ ভগত সিঙৰ প্ৰতিচ্ছবিত শ্ৰদ্বঞ্জলি নিবেদন কৰি আৰম্ভ কৰে প্ৰতিবাদী সমদল।

ঐতিহাসিক হৰিমন্দিৰৰ সমূখৰ পৰা আৰম্ভ কৰা হয় প্ৰতিবাদী সমদল । প্ৰতিবাদকাৰীৰ শ্ল’গানত উত্তাল হৈ পৰে নলবাৰীৰ ৰাজপথ।ক্ষোভিত প্ৰতিবাদকাৰীৰ জেল ভৰো কাৰ্যসূচীত বহু সময়লৈ স্তব্ধ হৈ পৰে নলবাৰী চহৰ।

বাটা চ’কত প্ৰতিবাদকাৰীৰ বাধা প্ৰদান কৰে আৰক্ষীয়ে। আৰক্ষীৰ বাধা ওফোৰাই প্ৰতিবাদকাৰী ধাবমান হয় সদৰ আৰক্ষী থানালৈ। পি এন চি পথেৰে সমদল কৰি এইদৰে সদৰ আৰক্ষী থানাত সোমাই যায় সহস্ৰাধিক প্ৰতিবাদকাৰী আৰু থানা চৌহদত বিভিন্ন শ্ল’গান দি কপাই তোলে থানা চৌহদ।

এইদৰেই আজি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পুৰ্বৰ স্থানতেই ৰখাৰ দাবীত জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Exit mobile version