Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

চৰকাৰক প্ৰশ্ন,ন্যায়িক কমিটিয়ে অভিযুক্ত কৰা সকলক কিয় লোৱা নাই ব্যৱস্থা, থৰকাছুটি চৰকাৰৰ,মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিজিপিয়ে গঠন কৰিলে এছ আই টি

apsc scam

Apsc Scam:

ৰাজ্যৰ বহু চৰ্চিত এপিএছচি কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ এপিএছ চি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় ৷ যাৰবাবে চৰকাৰলৈ ন্যায়ালয়ৰ প্ৰশ্ন, ন্যায়িক কমিটিয়ে অভিযুক্ত কৰা সকলক কিয় ব্যৱস্থা লোৱা নাই চৰকাৰে ৷

ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পাছতে থৰকাছুটি হেৰুৱাইছে ৰাজ্য চৰকাৰে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি ডিজিপি জি পি সিঙে এজন জ্যেষ্ঠ আইপিএছ বিষয়া নেতৃত্বত গঠন কৰি দিয়ে স্পেচিয়েল ইনভেষ্টিগেশ্বন টিম(এছ আই টি ৷

ইতিমধ্যে চৰকাৰে গঠন কৰা এছ আই টিৰ ৰিৰ্পট ছমাহৰ ভিতৰত আদালতত দাখিল কৰা হ’ব বুলি ন্যায়ালয়ক অৱগত কৰালে অধিবক্তা নলীন কোহলীয়ে।

উল্লেখ্য যে,ডিজিপিয়ে গঠন কৰি দিয়া এছ আই টিয়ে এপি এছ চি কেলেংকাৰীত অভিযুক্ত প্ৰাৰ্থী সকলৰ সন্দৰ্ভত কৰিব তদন্ত ৷ একেদৰে নপৃষ্ঠাৰ টেবুলেশ্বন শ্বীট খনৰ সন্দৰ্ভত কিয় ব্যৱস্থা নহ’ল ,সেয়াও কৰিব তদন্ত ।

মনকৰিবলগীয়া যে, এছ আই টিৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে এপিএছচি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেছা

Exit mobile version