Assam-Meghalaya Chief Minister’s Talks :কইনাধৰাত সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আলোচনা

মুক্ৰোৰ গুলীচালনা ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক, দ্বিতীয় পৰ্যায়ৰ ছয়টা বিবদমান এলেকাক লৈ হয় আলোচনা

border issu 1

Assam-Meghalaya Chief Minister’s Talks :

আজি মহানগৰীৰ খানাপাৰাৰ কইনাধৰা ৰাজ্যিক অতিথি শালাত সীমা বিবাদক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুটীয়া বৈঠক অনুষ্ঠিত হয় ৷

দ্বিতীয় পৰ্যায়ৰ বাবে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ছয়টা বিবদমান এলেকাক লৈ আলোচনা কৰে৷

এই আলোচনাকালত মুক্ৰোৰ গুলীচালনা ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ সিদ্ধান্ত লয় মুখ্যমন্ত্ৰীদ্বয়ে ।

আনহাতে নিৰপেক্ষ স্থানত গোচৰটো পঞ্জীয়ন কৰাৰ সিদ্ধান্ত লোৱা হয় যুটীয়া বৈঠকত ৷

উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৰ মুক্ৰোত হৈছিল গুলীচালনাৰ ঘটনা ৷ গুলীচালনাত নিহত হৈছিল মেঘালয়ৰ পাঁচজনকৈ লোকৰ বিপৰীতে নিহত হৈছিল অসমৰ এজন গৃহৰক্ষী জোৱানৰো ৷

Exit mobile version