Four AGP Leaders To Join Congress on October 11:
সকলো থিকে থাকে থাকিলে এঘাৰ অক্টোবৰত গান্ধী টুপি পিন্ধিব অগপ চাৰি জ্যেষ্ঠ নেতাই ৷ একেদৰে যোগদানৰ সম্ভাৱনা আছুৰ প্ৰাক্তন সভাপতিৰ ৷
আজি এক সংবাদমেলত এই কথা সদৰি কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাৰ ৷ বৰ্তমান ৰাজ্যৰ শাসনাধিষ্ঠি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম অংশীদাৰ অগপৰ প্ৰতি বিতুষ্ট হৈ চাৰিজন অগপৰ প্ৰতিষ্ঠাপক নেতাই এঘাৰ অক্টোবৰত কংগ্ৰেছত যোগদান কৰিব ৷
যোগদান কৰিলগীয়া চাৰি শীৰ্ষ অগপ নেতা হ’ল অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডা:কমলা কলিতা,প্ৰাক্তন বিধায়ক সত্যবত কলিতা, প্ৰাক্তন মন্ত্ৰী উৎপল দত্ত,প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ৷
আনহাতে কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে আছু প্ৰাক্তন সভাপতি তথা বিপিএফৰ পদত্যাগি সাধাৰণ সম্পাদক প্ৰৱীণ কুমাৰ বড়ো ৷
ইপিনে,কংগ্ৰেছত যোগদানৰ তালিকাত কুমাৰ দীপক দাসৰ নাম দ্বীজেন শৰ্মাই সদৰি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্বয়ং দীপক দাসে ৷ অগপৰ জন্ম লগ্নৰে পৰা আঞ্চলিকবাদীত বিশ্বাসী হিচাপে কংগ্ৰেছত যোগদানৰ প্ৰশ্নই নুথে ৷ এইয়া ভূৱা অপ্ৰচাৰ ৷ তেওঁ অগপত আছে আৰু ভৱিষ্যতেও থাকিব বুলি মন্তব্য কৰে দাসে ৷
অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই চাৰি জ্যেষ্ঠ অগপ নেতাই কংগ্ৰেছত যোগদান কৰা বাতৰি অস্বীকাৰ কৰে ৷ তেওঁ আটাইৰে লগত মতবিনিময় কৰিছে ৷ কোনোজনেই কোৱা নাই এই কথা ৷ তেওঁলোক আঞ্চলিকবাদত বিশ্বাসী প্ৰতিষ্ঠাকালৰ নেতা। আন দললৈ যোৱাৰ প্ৰশ্নই নুথে বুলি মন্তব্য কৰে অগপ নেতা গৰাকীয়ে ৷
ইপিনে আজি এক সংবাদমেলত আছুৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ সাধাৰণ সম্পাদক প্ৰৱীণ কুমাৰ বড়োৱে বিপিএফ ত্যাগৰ ঘোষণা কৰে ৷ আনহাতে কংগ্ৰেছত যোগদান কৰিব নেকি সাংবাদিকে সোধা প্ৰশ্নত বড়োৱে কয়, কংগ্ৰেছ বা আন দলত যোগদান কৰিব ৷ এই কথা এতিয়া ভৱা নাই ৷