Gita Nagar:
:চোৰ-ডকাইত আৰু দুৰ্ধৰ্ষ অপৰাধীলৈ লৈ ভয় নকৰা গুৱাহাটীৰ এখন থানাই ভয় কৰে ডাৱৰীয়া আকাশলৈ ৷ কিয়নো ডাৱৰীয়া হোৱাৰ পাছতে এজাক মুষলধাৰ বৰষুণ দিলেই থানা খনৰ চৌপাশৰ লগতে ভিতৰভাগ হৈ পৰে জলমগ্ন ৷
ফলত থানাৰ কাম-কাজ হৈ পৰে ব্যাহত হৈ ৷ তাৰ পাছতে থানাৰ সকলো আৰক্ষী নামি পৰে পানী সিচাত ৷ এজাক বৰষুণতে কৃত্ৰিম বানৰ কবলত পৰা থানা খন হ’ল মহানগৰীৰ গীতানগৰ আৰক্ষী থানা ৷
উল্লেখ্য যে,যোৱা কে’বাবছৰ মানৰ পৰা কৃত্ৰিম বানৰ সন্মুখীন হৈ আহিছে থানা খনে ৷ বৰষুণ দিলেই ভিতৰভাগত একাঠু পৰ্যন্ত পানী হোৱাত চকী- মেজৰ ওপৰত সকলো ফাইল পত্ৰ ৰখাৰ লগতে থানা চৌহদত আৰক্ষী আবাস সমুহ হৈ পৰে এক কদৰ্যময় পৰিবেশ ৷ এক আহুকলীয়া পৰিবেশৰ সন্মুখীন হ’বলগীয়া হয় আৰক্ষী থানা খনৰ আৰক্ষী সকল ৷
বৃহস্পতিবাৰে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত থানা খনৰ বাহিৰে – ভিতৰে হৈ পৰে জলমগ্ন ৷ থানাত চকীত বহি কাম কৰাৰ পৰিবেশ নোহোৱাত সকলো আৰক্ষী নামি পৰে পানী সিচা কামত ৷
ৰাজধানী মহানগৰ খনৰ সদাব্যস্ত থানা খনৰ এনে অৱস্থা দেখিও কিয় সময়োচিত পদক্ষেপ লোৱা নাই উলুবাৰীস্থ আৰক্ষী হেডকোৱাৰ্টাৰে ৷
অথচ থানা চৌহদলৈ সঘনে অহাযোৱা কৰে শীৰ্ষ আৰক্ষী বিষয়াবৰ্গই ৷ গীতানগৰবাসীয়ে থানা খন শীৰ্ঘেই আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই ৷