IMD Likely Torrential Rains In State Till October 9 :৯ অক্টোবৰলৈ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ !

weather brepot

IMD Likely Torrential Rains In State Till October 9 :

বিগত তিনিদিন ধৰি গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ অধিকাংশ জিলাত অব্যাহত আছে নেৰানেপেৰা বৰষুণ

দক্ষিণ – পূৰ্ব এছিয়াৰ দুৱাৰ মুখ তথা স্মাৰ্ট চিটি গুৱাহাটীত তিনিদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰৰ চৌদিশে এতিয়া পানী আৰু পানী ৷ মহানগৰীৰ প্ৰায়বোৰ অঞ্চল এতিয়া কৃত্রিম বানৰ কবলত ৷

সদাব্যস্ত আৰ জি বৰুৱা পথকে ধৰি বহু উপ-পথ আৰু আবাসীক অঞ্চলৰ বাসগৃহত এককাল পৰ্যন্ত পানী হোৱাত ব্যাহত হৈ পৰিছে জনজীৱন৷ একেদৰে
ৰাস্তা-ঘাট, বাট-পথ ডুব যোৱাত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ৷

আনহাতে শুক্ৰবাৰে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ ৰাজ্যৰ বহুকেইখন জিলাত ৰেড এলাৰ্ট, অৰেঞ্জ আৰু ইয়েল’ এলাৰ্ট জাৰি কৰিছে ।

আগন্তুক দুটা দিনলৈ গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ জিলাত প্ৰৱল বৃষ্টিপাত, ধুমুহা বতাহ আৰু বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, শুক্ৰবাৰৰ পৰা সোমবাৰলৈ ৰাজ্যৰ অধিকাংশ স্থানতে ধাৰাষাৰ বৰষুণ হ’ব পাৰে ৷ অৱশ্যে শুক্ৰবাৰে গুৱাহাটী সহ ইয়াৰ উপকন্ঠ অঞ্চলকে ধৰি বিভিন্ন জিলাত দিনৰ ভাগত বতৰ ডাৱৰীয়া হৈ থাকিব যদিও সন্ধিয়া ভাগৰ পৰা ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য মতে, কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাছাৰ জিলাত অত্যধিক বৰষুণৰ আশংকা কৰি জাৰি কৰা হৈছে ৰেড এলার্ট

একেদৰে, গোৱালপাৰা, বৰপেটা আৰু বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ বিপৰীতে নলবাৰী, কাপৰূপ (গ্ৰাম্য), কামৰূপ(নগৰ), দৰং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও,কৰিমগঞ্জ, লখিমপুৰ আৰু ডিব্ৰুগড়ক হালধীয়া এলাৰ্ট জাৰি কৰা হয় ৷

মনকৰিবলগীয়া যে, নগাওঁ, কাৰ্বি আংলং, বিশ্বনাথ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ মাজুলি, গোলাঘাট, শোণিতপুৰ, ওদালগুৰি, মৰিগাওঁ, হোজাই, কাছাৰ আৰু হাইলাকান্দিত বতৰ ডাৱৰীয়া হৈ থাকিব ৷ এই কেইখন জিলাত বৰষুণ পৰাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰা হৈছে ৷

Exit mobile version