Ayodhya Ram Mandir :অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত ব্যয় ৯০০ কোটি টকা, বেংকত আছে ৩,০০০ কোটি

ayodhya ram mandir

Ayodhya Ram Mandir :

শ্ৰীৰাম জনমভূমি ন্যাসৰ সচিব চম্পত ৰায়ে প্ৰকাশ কৰা অনুসৰি অযোধ্যাত তীব্ৰ গতিৰে শ্ৰীৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে। ৰায়ে লগতে কয় যে পাঁচ ফেব্ৰুৱাৰী ২০২০ৰ পৰা ৩১ মার্চ ২০২৩ সময়ছোৱাত ৰাম মন্দিৰ নিৰ্মাণত ৯০০ কোটি টকা ব্যয় কৰা হৈছিল।

আনহাতে, উক্ত সময়ছোৱালৈকে ন্যাসৰ বেংক একাউণ্টত ৩,০০০ কোটি টকা জমা আছে। ইতিমধ্যে ন্যাসৰ এখন বৈঠকত বিদেশী মুদ্ৰাত দান বৰঙণি গ্ৰহণৰ আইনী প্রক্রিয়াসহ ১৮ টা বিষয়ত আলোচনা কৰা হৈছিল।

ৰায়ে সদৰী কৰা অনুসৰি ন্যাসে বিদেশী অংশদান (বিনিয়ম) অধিনিয়মৰ অধীনত বিদেশী দান বৰঙণি ন্যাসক গ্ৰহণৰ বাবে অনুমতি প্ৰদানৰ আবেদন জনাইছে।

Exit mobile version