Iron Girl Lovlina Borgohain Present in Guwahati:হাংঝৌ এছিয়ান গেমছত ৰূপ জয় কৰি গৃহভূমিলৈ উভতিল বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁই

গুৱাহাটী এয়াৰপৰ্টৰ পৰা অহাৰ পথত মা কামাখ্যাৰ আশিষ ললে লাভলীনাই

lovelina 2

Iron Girl Lovlina Borgohain Present in Guwahati:

সদ্য সমাপ্ত চীনৰ হাংঝৌ এছিয়ান গেমছত ৰূপ পদক লাভ কৰে গৃহৰাজ্যলৈ উভতিল বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁই

বুধবাৰে পুৱা গুৱাহাটী বৰঝাৰস্থিত এল জি বি বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে লৌহকন্যা গৰাকীক অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰ লগতে অসম চৰকাৰৰ কে’বাজনো প্ৰশাসনিক বিষয়াই উস্ম আদৰণি জনায়।

ইয়াৰ পাছতে ক্ৰীড়া তাৰকা গৰাকীয়ে মহানগৰ অভিমুখে গৈ থকাৰ পথত নীলাচল পাহাৰত উপস্থিত হৈ মা কামাখ্যাৰ আশিষ লয় ৷

উল্লেখ্য যে, এছিয়ান গেমছত ৰূপ জয়ৰ জৰিয়তে যোগ্যতা অৰ্জন কৰে পেৰিছ অলিম্পিকলৈ ৷ চীনৰ পৰা পোনে পোনে নতুন দিল্লীলৈ উভতি আহি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈৰ সৈতে মত বিনিময় কৰা অনুষ্ঠানত ভাগ লৈছিল তাৰকা খেলুৱৈ গৰাকীয়ে ৷ তাৰ পাছতে আজি পুৱা নিজ গৃহ ৰাজ্যত উপস্থিত হয়হি অৰ্জুন বঁটা প্ৰাপক গৰাকী ৷

প্ৰাপ্ত খবৰ অনুসৰি লৌহকন্যা গৰাকীক অসম অলিম্পিক সন্থাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ কথা ৷

আনহাতে অলিম্পিক সন্থাৰ আতিথ্য গ্ৰহণ কৰি লাভলীনা নিজৰ সৰুপথাৰস্থিত বাসগৃহত উপস্থিত হৈ কেইদিনমান জিৰণি লৈ ইয়াৰ পাছতে তাৰকা খেলুৱৈগৰাকী পুনৰ নামি পৰিব পেৰিছ অলিম্পিকৰ প্ৰস্তুতিত।

Exit mobile version