Student Suicide In Nagaon: নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অঘটন !

ছাত্রী নিবাসৰ ভিতৰতে আত্মহনন ছাত্রীগৰাকীৰ

suicide

Student Suicide In Nagaon:

নগাঁৱৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসত অঘটন ৷ চিলিং ফেনত চিপজৰী লৈ আত্মহণন এগৰাকী ছাত্ৰীৰ।

নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত সংঘটিত হয় এই ঘটনা ৷

মহাবিদ্যালয় খনৰ ছাত্ৰীনিবাসৰ কোঠাত আত্মহনন কৰাৰ পূৰ্বে পিতৃ- মাতৃক উদ্দেশ্য কৰি লিখি যায় এখন চুইছাইড নোট ৷ চুইছাইড নোটত লিখা আছে “মা-পাপা মোক ক্ষমা কৰি দিবা”৷

আনহাতে, মৃত ছাত্ৰী গৰাকীৰ নাম মাৰজানা কাদিৰ লস্কৰ ৷ ঘৰ হোজাই জিলাৰ লংকাত ৷বি. ভিঅচিৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী গৰাকীয়ে কি কাৰণত চৰমপন্থা গ্ৰহণ কৰিলে এই সন্দৰ্ভত জানিব পৰা নাই ৷

ইতিমধ্যে হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

উল্লেখ্য যে,ছাত্ৰী গৰাকীক কেই গৰাকী মান সহপাঠীয়ে উল্লেখ কৰামতে,কেইদিনমান ধৰি অসুস্থ হৈ আছিল ছাত্ৰী গৰাকী। আনকি বৃহস্পতিবাৰে পুৱা চিকিৎসকৰ ওচৰলৈ গৈছিল । সন্দেহ কৰা মতে,চিকিৎসকক স্বাস্থ্য পৰীক্ষা কৰি আহিয়ে আত্মহনন দৰে চৰম পন্থা গ্ৰহণ কৰে ছাত্ৰী গৰাকীয়ে ৷

Exit mobile version