Train Accident In Bihar:বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা !

অসমৰ দুগৰাকী যাত্ৰী সহ চাৰিজনৰ মৃত্যু,আহত শতাধিকৰো অধিক, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা

buxar train accident 2

Train Accident In Bihar:

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ৰাজ্য খনৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত বুধবাৰে নিশা ৯.৩৫ বজাত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটি ৷ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত লাইনচ্যুত হয় দিল্লীৰ পৰা কামাখ্যা অভিমুখী নর্থ ইষ্ট এক্সপ্ৰেছ।

প্ৰাপ্ত খবৰ অনুসৰি, ২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখনে বক্সাৰৰ পৰা ৰঘুনাথপুৰত উপস্থিত হোৱাৰ সময়তে কেইবাটাও ডবা হঠাতে লাইনচ্যুত হয়। ইয়াৰ পাছতে হুৱাদুৱা লাগে ৷ ঘটনাটো সংঘটিত পাছত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে ৷

আনহাতে, বক্সাৰৰ আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমক সদৰি কৰা মতে নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় অসমৰ ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ । মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত । ঊষা ভাণ্ডাৰীৰ আন এগৰাকী যমজ কন্যা অদিতি ভাণ্ডাৰী আৰু স্বামী দীপক ভাণ্ডাৰী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ৷ আন দুজনক চিনাক্ত হোৱা নাই ৷

এই দুৰ্ঘটনাত প্ৰায় শতাধিক ৰে’ল যাত্ৰী আহত হয় ৷ ইয়াৰে কে’বাজনৰো অৱস্থা সংকটজনক ৷ আহত সকলোকে বক্সাৰৰ চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে ৷

ল্লেখ্য যে, দুৰ্ঘটনাটি ইমানেই ভয়ংকৰ আছিল যে, যিসমূহ ডবা লাইনচ্যুত হৈ বাগৰি পৰিছে সেই ডবাসমূহ গেছ কাটাৰৰে কাটি আবদ্ধ হৈ থকা যাত্রীসকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে । দুৰ্ঘটনাটিৰ ভয়াৱহতালৈ চাই হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও পুৱা প্ৰায় সংখ্যক আহত যাত্ৰীক উদ্ধাৰ কৰা হয় ।

ইপিনে ,বিহাৰত দুৰ্ঘটনাত পতিত অসমৰ সকলো যাত্ৰীক অনা হৈছে বিশেষ ৰে’লযোগে । কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ সামৰি ৰে’লখনত আছে ৫৪০জন যাত্ৰী।

যে,বিহাৰত দুৰ্ঘটনাগ্ৰস্ত নৰ্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী। যাত্ৰীৰ সুবিধাৰ্থে কামাখ্যা ৰে’লৱে ষ্টেচনে হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা সদৰি কৰে কামাখ্যা ৰে’ল ষ্টেচনৰ অধীক্ষক এ কে সিনহাই । হেল্পলাইন নম্বৰটো হ’ল-০৩৬১-২৬৭৪৮৫৭ ।

আনহাতে,ৰে’ল দুৰ্ঘটনাত নিহত – আহতলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা ৷ নিহতৰ পৰিয়াললৈ ১০ লাখ ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতলৈ ২.৫ লাখ টকা আৰু সামান্যভাৱে আহতলৈও ৫০ হাজাৰ টকা ঘোষণা কৰা হয় ৷

ইপিনে, বিহাৰৰ ৰে’ল দুৰ্ঘটনাক লৈ টুইটযোগে শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আঘাতপ্ৰাপ্তৰ দ্ৰুত আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version