Attending Ceremonial Cycle Distribution Event at Tezpur Collegiate HS School Field:তেজপুৰত মুখ্যমন্ত্ৰীৰ ঘোষণাঃ

অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল আৰু শিক্ষক-শিক্ষয়িত্ৰীক দিয়া হ'ব স্কুটি

cm proggame intezpur 1

Attending Ceremonial Cycle Distribution Event at Tezpur Collegiate HS School Field:

এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে তেজপুৰলৈ অহা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে সাংস্কৃতিক চহৰখনৰ তেজপুৰ কলেজিয়েট ফিল্ডত আয়োজিত চাইকেল বিতৰণ অনুষ্ঠানত অংশ লৈ কে’বাটাও বৃহৎ ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে নৱম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ মাজত বিতৰণ কৰে চাইকেল ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, দুৰণিবটীয়া বিদ্যালয়ত কৰ্মৰত শিক্ষক- শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ আহযাহ কৰিবৰ বাবে ৫০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক শীৰ্ঘেই চৰকাৰে দিব স্কুটী ৷ আনহাতে পুনৰ ১৯ হাজাৰ শিক্ষকক দিয়া হ’ব টেবলেট। একেদৰে অহাবৰ্ষৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্র-ছাত্রীকো চাইকেল দিয়াৰ কথা ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে, চলিতবৰ্ষৰ শেষৰফালে পুনৰ নিযুক্তি দিয়া হ’ব দহ হাজাৰ শিক্ষক- শিক্ষয়িত্ৰীক ৷ তদুপৰি দহ বছৰ পাছতহে শিক্ষক-শিক্ষয়িত্রীৰ বদলি কৰা হ’ব ৷ বিদ্যালয় একত্ৰিকৰণ ব্যৱস্থাই শেহতীয়াকৈ শিক্ষাৰ মানদণ্ড উন্নত কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, প্ৰতি এক কিলোমিটাৰ দূৰে দূৰে একোখনৈ ডাঙৰ শিক্ষানুষ্ঠানৰ স্থাপনৰ কথাও সদৰি কৰে ৷

চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা:ৰনোজ পেগু,সাংসদ পল্লৱলোচন দাস,বিধায়ক সকল পদ্ম হাজৰিকা,পৃথীৰাজ ৰাভা সহ কে’বা গৰাকী চৰকাৰী জ্যেষ্ঠ বিষয়াবৰ্গ ৷

উল্লেখ্য যে,শোণিতপুৰৰ পৰা চাইকেল প্রদান কার্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ৰাজ্যৰ মুঠ ৩,৬৯,৪৫৪গৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰে বিতৰণ কৰে চাইকেল ৷ ইয়াৰে ১,৬০,৬১২জন ছাত্র আৰু ২,০৮,৮৪২গৰাকী ছাত্ৰী ৷

Exit mobile version