Miscreants Loot Gold Chain From Women:অপৰাধীৰ নিয়ন্ত্ৰণত গুৱাহাটী মহানগৰ !

গুৱাহাটীত পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ, আঠগাঁৱত পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা লুটিলে সোণৰ চেইন

chain theft

Miscreants Loot Gold Chain From Women:

গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধজনিত কাৰ্যকলাপ ৷ একপ্ৰকাৰ অপৰাধীৰ নিয়ন্ত্ৰণত গুৱাহাটী মহানগৰ ৷

শুক্ৰবাৰে পুনৰ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ ৷ আঠগাঁৱৰ কৱৰস্থানৰ সমীপতে বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাক পিষ্টল দেখুৱাই ডিঙিৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন

ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে এই সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰজু কৰিছে ৷ এতিয়া প্ৰশ্ন হয়, গুৱাহাটীত অপৰাধীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰখা অপৰাধজনিত কাৰ্যকলাপ ৰোধ কৰিবলৈ মহানগৰ আৰক্ষী সক্ষম হ’বনে ৷ এইয়া এতিয়া মহানগৰবাসীৰ লাখটকীয়া প্ৰশ্ন ৷

Exit mobile version