Asom Gana Parishad Turns 39:৩৯ বছৰীয়া হ’ল অসম গণ পৰিষদ

দলটোৰ জন্মস্থান গোলাঘাটত আয়োজন প্ৰতিষ্ঠা দিৱস, পুৱাতে আঠখেলীয়া নামঘৰত চাকি-বন্তি জ্বলাই সেৱা অৰ্চনা অতুল - কেশৱ সহ নেতৃবৰ্গৰ

agp 1

Asom Gana Parishad Turns 39:

আছু আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনৰ সফল পৰিসমাপ্তিৰ অন্তত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে ১৯৮৫ বৰ্ষৰ ১৪ অক্টোবৰত অসমৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল গোলাঘাটত ভূমিস্থ হয় ৷

আজি দলটোৰ জন্মস্থান গোলাঘাটতে আয়োজন কৰা হয় অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান।গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে দলটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুসৰি পুৱাতে ঐতিহাসিক আঠখেলীয়া নামঘৰত চাকি-বন্তি জ্বলাই সেৱা লয় অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সহ নেতৃবৰ্গই।

ইয়াৰ পাছতে ১০ বজাৰ পৰা পতাকা উত্তোলন,স্বহীদ তৰ্পণ,সাংস্কৃতিক শোভাযাত্ৰা আৰু সতীৰ্থ সোঁৱৰণ আৰু ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলৰ সকলো বিধায়ক আৰু ৰাজ্যসভাত একমাত্ৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্য সহ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে ৷

Exit mobile version