Indian Railway:ৰে’লৰ নথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে লিখা হ’ল ‘ভাৰত

bharat

Indian Railway:

বিৰোধী জোঁটৰ নাম ‘ইণ্ডিয়া’ ৰখাৰে পৰা মোদী চৰকাৰে ইণ্ডিয়া’ শব্দৰ পৰিৱৰ্তে ‘ভাৰত’ নাম প্ৰয়োগৰ সমৰ্থনত সৰৱ হৈ আহিছে ।

ADVERTISEMENT

সম্প্ৰতি ভাৰতত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনতো ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ উল্লেখ কৰাৰ পাছৰে পৰা এই বিতৰ্ক বৃদ্ধি পায়। ‘ভাৰত’ নামটোৱেই যে মোদী চৰকাৰৰ বেছি পছন্দ, তাৰ প্ৰমাণ পুনৰ পোৱা গ’ল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এক শেহতীয়া সিদ্ধান্তত।

ৰে’ল মন্ত্ৰণালয়ৰ বিভিন্ন নথিত ‘ভাৰত’ নামৰ প্ৰস্তাৱত সন্মতি জনালে কেন্দ্রীয় মন্ত্রীসভাই। মন্ত্ৰীসভাৰ বৈঠকতে ৰে’ল বিভাগে দিয়া প্ৰস্তাৱক অনুমোদন জনোৱা হয়। এই প্ৰথমবাৰলৈ মোদী চৰকাৰে ‘ইণ্ডিয়া’ নাম পৰিৱৰ্তনৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক সেউজ সংকেত দিলে।

Exit mobile version