King of Bhutan on a Three-Day Visit to Assam:তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ সপত্নীক ভূটানৰ ৰজা

কামাখ্যা মন্দিৰ দৰ্শন আৰু পদাৰ্পণ কৰিব কাজিৰঙা অভয়াৰণ্য

bhtani king 1

King of Bhutan on a Three-Day Visit to Assam:

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা তিনি নৱেম্বৰত অসমত উপস্থিত হ’ব চুবুৰীয়া দেশ ভূটানৰ ৰজা জিগমে খেচাৰ নামগাইল ৱাংছুক ৷

ৰজাৰ স’তে আহিব ৰাণী জেটচুন পেমা আৰু দুই শিশু পুত্ৰ ৷ ৰয়েল ভূটানী ৰজা গৰাকী দেশখনৰ ৰাজধানী থিম্ফুৰ পৰা বিশেষ বিমানেৰে অৱতৰণ কৰিব গুৱাহাটী বিমানকোঠত ৷ তাৰ পৰা পোনে পোনে নীলাচল পাহাৰৰ কামাখ্যাধামত উপস্থিত হৈ পূজা – অৰ্চনা কৰিব ৰজা আৰু ৰাণীয়ে ৷

নিশা ভাগত ৰজাৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব ৷ একেদৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ৰয়েল ফেমেলিৰ বাবে নৈশ ভোজনৰ ব্যৱস্থা কৰিব ৷

আনহাতে ভূটানী ৰজা জিগমে খেচাৰ নামগাইল ৱাংছুক আৰু ৰাণী জেটচুন পেমাই এশিঙিয়া গড়ৰ ৰম্যভূমি কাজিৰঙা অভয়াৰণ্যৰ কহঁৰাত অহা ৪ নৱেম্বৰত উপস্থিত হ’বহি ৷

দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হ’বলগীয়া ভূটানৰ ৰাষ্ট্ৰ প্ৰধান গৰাকীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষ আৰু গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলা প্ৰশাসন ৷

আনহাতে কাজিৰঙাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ভূটানী ৰজা আৰু ৰাণীৰ উস্ম আদৰণি জনাব ৷ নিশালৈ ৰজাৰ সন্মানাৰ্থে বিশেষ ভোজনৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে ৷

চুবুৰীয়া ৰাষ্ট্ৰ খনৰ ৰয়েল ফেমেলিৰ আগমনৰ বাবে ইতিমধ্যে প্ৰশাসনে কাজিৰঙাৰ চৰকাৰী অতিথি শালাৰ লগতে আন আন লজ সমূহৰ শতাধিক কোঠা বুক কৰিছে ৷

উল্লেখ্য যে, ১৫ অক্টোবৰত কাজিৰঙাৰ জীপ ছাফাৰী মুকলি হোৱাৰ পাছত অহা ১ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে মুকলি হ’ব হাতী ছাফাৰীও ৷ কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰুটিন অনুসৰি ভূটানৰ ৰজাই হাতী ছাফাৰী আৰু জীপ ছাফাৰী কৰাৰ সম্ভাৱনা আছে ৷

চুবুৰীয়া দেশখনৰ ৰাষ্ট্ৰপ্ৰধান গৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট,কাৰ্বি আংলং আৰু নগাঁও জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থাৰ বাবে সাজু হৈছে । একেদৰে ৰজা, ৰাণী আৰু দুই কণমানি যুৱৰাজৰ অভয়াৰণ্য পৰিদৰ্শনত যাতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

Exit mobile version