Maharasta :মহাৰাষ্ট্ৰৰ এন চিপিৰ বিধায়কৰ বাসগৃহত অগ্নিকাণ্ড

বিধায়ক প্ৰকাশ ছোলাংকীৰ বিডস্থিত বাসগৃহত লাগিল অগ্নিকাণ্ড, মাৰাঠা সংৰক্ষণৰ দাবীত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে বিধায়কজনৰ বাসগৃহত, অগ্নিকাণ্ডত বিধায়কগৰাকীৰ বাসগৃহত বহু মূল্যৱান সামগ্ৰী ভস্মীভূত৷

maharasta mla

Maharasta :

মহাৰাষ্ট্ৰৰ নেচনেল কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) বিধায়কৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড । বিধায়ক প্ৰকাশ ছোলাংকীৰ বিডস্থিত বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

জানিব পৰা মতে,মাৰাঠা সংৰক্ষণৰ দাবীত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে বিধায়কজনৰ বাসগৃহত ৷ অগ্নিকাণ্ডত বিধায়কজনৰ বাসগৃহৰ আছবা আৰু মূল্যৱান সা- সামগ্ৰী জুইত ভস্মীভূত হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি ,এনচিপি বিধায়কজনৰ প্ৰকাশ ছোলাংকীৰ মহাৰাষ্ট্ৰৰ বিডত থকা বাসগৃহত সোমবাৰে মাৰাঠা পন্থী সংৰক্ষণ প্ৰতিবাদকাৰীৰ এটা দলে জুই লগাই দিছিল।

ইতিমধ্যে এই ঘটনাৰ পাছতে শিৱসেনা – বিজেপি মিত্ৰগোষ্ঠী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰকাশ ছোলাংকী ৷তেওঁ কয়, এই অগ্নিকাণ্ডত অৱশ্যে তেওঁৰ পৰিয়াল সুৰক্ষিত আছিল যদিও ভয়ংকৰ জুইত বাসগৃহৰ সকলো মূল্যৱান সা- সামগ্ৰী জাঁহ যোৱাৰ লগতে ঘৰটোৰ বিস্তৰ ক্ষতিসাধন হয় ৷ তেওঁ আৰু কয়,”যেতিয়া আক্ৰমণ কৰা হৈছিল তেতিয়া মই মোৰ ঘৰৰ ভিতৰত আছিলো। সৌভাগ্যক্ৰমে মোৰ পৰিয়ালৰ সদস্য বা ঘৰৰ লগুৱা আঘাতপ্ৰাপ্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৷

উল্লেখ যে,মাৰাঠা সম্প্ৰদায়ৰ সংৰক্ষণৰ দাবীত মাৰাঠা পন্থী কৰ্মী মনোজ জাৰাঞ্জে পাটিলে অনিৰ্দিষ্টকালৰ বাবে ২৫ অক্টোবৰৰ পৰা জালনা জিলাৰ অন্তৰৱালী শৰতি গাঁৱত আমৰণ অনশন অব্যাহত ৰাখিছে ৷

দিনদুপৰতে এজন বিধায়কৰ বাসগৃহ এটা সংগঠনৰ কৰ্মীয়ে অগ্নি সংযোগ কৰা ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ একনাথ সিন্ধে নেতৃত্বাধীন চৰকাৰ আৰু গৃহ মন্ত্ৰীৰ চৰম বিফলতা বুলি অভিহিত কৰে এন চিপি শাৰদ পাৱাৰ গোটে । এয়া হৈছে মহাৰাষ্ট্ৰত ট্ৰিপল ইঞ্জিন চৰকাৰৰ বিফলতা

আজি এজন বিধায়কৰ ঘৰত জুই লগোৱা হৈছে ,গৃহ মন্ত্ৰালয় আৰু গৃহমন্ত্ৰীয়ে কি কৰি আছে বুলি কটাক্ষ কৰে এন চিপিয়ে ৷

আনহাতে এনে অনাকাংক্ষিত ঘটনাৰ পাছতে একনাথ সিন্ধ নেতৃত্বাধীন তিনিদলীয় চৰকাৰে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ মাৰাঠা সংৰক্ষণ বিষয়টো আলোচনা কৰিবলৈ আজি মহাৰাষ্ট্ৰ মন্ত্ৰী পৰ্যায়ৰ চৰকাৰৰ উপ-সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ পিছত মুখ্যমন্ত্ৰী শিন্দে কয় যে চৰকাৰে বিষয়টো চোৱা-চিতা কৰিবলৈ কে’বা গৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এখন উপদেষ্টা মণ্ডলী গঠন কৰিছে।

উল্লেখ্য যে ,আজিৰ বৈঠকত বিজেপি মন্ত্ৰী চন্দ্ৰকান্ত দাদা পাটিল, ৰাধাকৃষ্ণ ভিখে পাটিল, মন্ত্ৰী শম্ভুৰাজ দেশাই, শিৱসেনা একনাথ চিন্দে গোটৰ দাদা ভুছে, নেচনেলিষ্ট কংগ্ৰেছৰ (অজিত পাৱাৰ গোট) মন্ত্ৰী দিলীপ ৱালছে পাটিল উপস্থিত আছিল।

Exit mobile version