Onions Worth Rs 70-80 Sold For Rs 25:মহানগৰীত ৭০-৮০ টকীয়া পিয়াজ ২৫ টকাত বিক্ৰী !

onion

Onions Worth Rs 70-80 Sold For Rs 25:

অন্যান্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰে ৰাইজক জ্বলাকলা খোৱাই থকাৰ সময়তে এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে মহানগৰীত চেন্সুৰীৰ পথত পিয়াজৰ মূল্য

পিয়াজৰ আকাশলংঘী মূল্যবৃদ্ধিত হাহাকাৰ গ্ৰাহকৰ ৷ সৌ সিদিনাখনলৈকে ৩০- ৪০ টকীয়া পিয়াঁজ হোহোৱাই এসপ্তাহতে বৃদ্ধি পাইছেগৈ প্ৰতি কিলোত ৭০-৮০ টকা ৷

পিয়াঁজে মহানাগৰিকক কন্দুৱাই থকাৰ মাজতে সাময়িক সকাহ দিবলৈ আগবাঢ়ি আহিল NAFED নামৰ অনুষ্ঠানটো ৷

মঙলবাৰে মহানগৰীৰ বিভিন্ন স্থানত ২৫ টকাকৈ বিক্ৰী কৰে পিয়াঁজ ৷ ২৫ টকীয়া পিয়াজ বুজাই অনা বাহন দেখি উবুৰি খাই পৰে গ্ৰাহক ৷ সকলোৱে ক্ৰয় কৰে ২৫ টকীয়া পিয়াঁজ ৷

NAFED -এ গণেশগুৰি,জটিয়া ,চুপাৰ মাৰ্কেট সহ কেতবোৰ অঞ্চলত দিনটোতে বিক্ৰী কৰে সাত কুইন্টলৰ অধিক পিয়াঁজ ৷

Exit mobile version