Indani Tahbilkar Case:আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত অভিযুক্ত দ্বিবন ডেকাৰ

নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰাত ব্যৰ্থ আৰক্ষী

diban deka

Indani Tahbilkar Case:

মহানগৰ স্মাৰ্ট আৰক্ষীৰ চৰম ব্যৰ্থতাৰ বাবেই জামিন লাভ কৰিলে ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰত গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা দ্বিবন ডেকা।

আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি সময়মতে মহানগৰ আৰক্ষীয়ে চাৰ্ছশ্বিট দাখিলত ব্যৰ্থ হোৱাৰ বাবেই জামিন লাভ কৰে দ্বিবন ডেকাই।

উল্লেখ্য যে,গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট আদালতে মহানগৰ আৰক্ষীক ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰৰ চিডি দাখিলৰ বাবে ৬০ দিনৰ সময় দিছিল যদিও নিৰ্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিলত ব্যৰ্থ হয় আৰক্ষী ।

যাৰফলস্বৰূপে আদালতে জামিন মঞ্জুৰ কৰে ইন্দ্ৰানী তহবিলদাৰ আত্মহনন গোচৰৰ অন্যতম অভিযুক্ত দ্বিবন ডেকাৰ ৷ লগতে জামিনলাভ কৰে তৃষ্ণা শৰ্মা আৰু অসীমজ্যোতি চক্ৰৱৰ্তীয়ে ।

স্মতৰ্ৱ্য যে, বহুচৰ্চিত নিযুক্তি কেলেংকাৰীৰ অভিযোগত তিনিওজন গ্ৰেপ্তাৰ হৈছিল ৷ বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননৰ পাছতে চৰকাৰী চাকৰিৰ নিযুক্তি কেলেংকাৰীৰ সমস্ত ঘটনা এটা এটাকৈ পোহৰলৈ আহে। তাৰ পাছতে একাদিক্ৰমে এজন এজনকৈ বিজেপি নেতা- পালিনেতা আৰক্ষীৰ জালত পৰে ৷

আনহাতে আটকাধীন অভিযুক্তৰ সমস্ত ঘটনা সন্দৰ্ভত দুমাহৰ ভিতৰটো আদালতে নিৰ্ধাৰণ কৰি দিয়া সময়ত চাৰ্ছশ্বিট দাখিলত মহানগৰ আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই মুকলি তললৈ আহিল চাকৰি নিযুক্তি কেলেংকাৰীৰ অন্যতম তিনি অভিযুক্ত ৷

চৰকাৰী অধিবক্তাৰ ৰহস্যজনক ভূমিকাও জামিনৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে ৷

Exit mobile version