Miscreants Break Car Glass And Loot Over Rs 3 Lakh:মহানগৰীত দিন দুপৰতে পুনৰ ডকাইতি কাণ্ড

গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে তিনি লক্ষাধিক টকা

theft in hengerabari

Miscreants Break Car Glass And Loot Over Rs 3 Lakh:

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী । মহানগৰীৰ মাজমজিয়াৰ সদাব্যস্ত হেঙেৰাবাৰী- বৰবাৰী পথৰ কাষৰ পাকিঙত ৰখাই থোৱা বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুট কৰি নিয়ে ৩ লক্ষাধিক টকা ৷

প্ৰাপ্ত খবৰ অনুসৰি ,স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা গণেশগুৰি পৰা মাত্ৰ এক কিলোমিটাৰৰ নিলগত থকা হেঙেৰাবাৰী- বৰবাৰী পথৰ কাষৰ পাকিঙত বৃহস্পতিবাৰে দুপৰীয়াভাগত কমল কৃষ্ণ নাথ নামৰ লোকজনে তেওঁৰ এএছ০১-টিডি ৪৯৪৯ নম্বৰৰ ফৰছুনাৰ বাহন খন ৰখাই কিবা কামত ওলাই যায় ৷

কিছু সময়ৰ পাছত আহি দেখা পাই যে তেওঁৰ বাহন খনৰ খিৰিকীৰ গ্লাছ ভঙা আৰু চিটত থোৱা টকা ভৰ্তি বেগটো নেদেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে । অৰ্থাৎ দুৰ্বৃত্তই বাহন খনৰ গ্লাছ ভাঙি ইতিমধ্যে লুট কৰি নিয়ে ধন ৷

পাছত ভুক্তভোগী কমল কৃষ্ণ নাথে ধন লুটৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে দিছপুৰ থানাত ৷

Exit mobile version